NORTHEAST NOW (Assamese)
অসম

চুইছ মাছাজ চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিলে অসম কন্যা অনামিকা ‎বৰ্মন দাসে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 1, 2023 3:49 pm

যোৱা ২৯ আৰু ৩০ এপ্ৰিলত ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চুইছ মাছাজ চেম্পিয়নশ্বিপ ২০২৩ ত এমটিভি ৰ’ডি অনমিকা বৰ্মন দাসে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।

উল্লেখযোগ্য যে অনামিকা হৈছে উক্ত চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ৰ’ডি। চেম্পিয়নশ্বিপলৈ যোৱাৰ পূৰ্বে অনামিকাই দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি কৈছিল, “আন্তঃৰাষ্ট্ৰীয় চুইছ মাছাজ চেম্পিয়নশ্বিপৰ বিষয়ে বহুতে অৱগত নহয়, অৱশ্যে এই প্ৰতিযোগিতাখন বহিঃৰাষ্ট্ৰত অনুষ্ঠিত হয়।”

ইয়াৰ পূৰ্বে অনামিকাই ব্যয়বহুল আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য বিচাৰিছিল।

বৰ্তমান গুৱাহাটীস্থিত ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষত এন চি অ’ ই (নেচনেল চেণ্টাৰ অৱ এক্সেলেন্স) স্প’ৰ্টছ মাছাজ থেৰাপিষ্ট হিচাপে কৰ্মৰত অনমিকাই লভলীনা বৰগোহাঁই, হিমা দাস, অংকুশিতা বড়ো, যমুনা বড়োৰ দৰে তাৰকা খেলুৱৈৰ লগত কাম কৰি আহিছে।

এমটিভি ৰ’ডিজৰ ১৪ নং ছিজনৰ অংশগ্ৰহণকাৰী আছিল অনামিকা।

লগতে পঢ়কঃ বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ৰাম পুনিয়ানীৰ সৈতে মুখ্য সম্পাদকৰ কথোপকথন