NORTHEAST NOW (Assamese)
অসম

যুদ্ধৰ খবৰ: খেৰচনত ৰাছিয়াৰ আক্ৰমণত ২১ জন নিহত, আহত ৪৮ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 4, 2023 3:36 pm

ইউক্ৰেইনৰ খেৰচনত ৰাছিয়াৰ আক্ৰমণত বুধবাৰে ২১ জন লোক নিহত হোৱাৰ লগতে ৪৮ জন আহত হয়। কিয়েভে এই কথা নিশ্চিত কৰিছে।

​​শুকুৰবাৰৰ পৰা মূল চহৰ খেৰচনত স্থানীয় কৰ্তৃপক্ষই সান্ধ্য আইন জাৰি কৰিব। বুধবাৰে খেৰচনৰ উপকণ্ঠ অঞ্চল আৰু গাঁৱত সংঘটিত হয় এই আক্ৰমণ।

লগতে পঢ়ক: পুটিনক হত্যাৰ লক্ষ্যৰে ইউক্ৰেইনে ক্ৰেমলিনত চলাইছে ড্ৰ’ন আক্ৰমণ! অভিযোগ ৰাছিয়াৰ

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে কয় যে এটা ৰে’ল ষ্টেচন, ঘৰ, এটা হাৰ্ডৱেৰ ষ্ট’ৰ, এখন চুপাৰ মাৰ্কেট আৰু এটা গেছ ষ্টেচন ৰাছিয়াৰ আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

টেলিগ্ৰামৰ এটা পোষ্টত জেলেনস্কিয়ে কয় যে এই আক্ৰমণত ২১ জন লোক নিহত আৰু ৪৮ জন আহত হৈছে।