NORTHEAST NOW (Assamese)
অসম

খাদ্য-সামগ্ৰী, দৰৱ ক্ৰয়ৰ বাবে চুৰাচান্দপুৰত ৩ ঘণ্টাৰ বাবে কাৰ্ফিউ প্ৰত্যাহাৰ; এতিয়াও স্তব্ধ মণিপুৰ

Posted by: এন ই নাও নিউজ, ইম্ফল Updated by: এন ই নাও নিউজ, ইম্ফল May 7, 2023 9:51 am

মণিপুৰৰ চুৰাচান্দপুৰত তিনি ঘণ্টাৰ বাবে সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছে চৰকাৰে। দেওবাৰে পুৱা এই তিনি ঘণ্টাৰ বাবে সাধাৰণ মানুহে ঘৰৰ বাহিৰলৈ ওলাই যাব পাৰিব। দৈনন্দিন প্ৰয়োজনীয় সা-সামগ্ৰী ক্ৰয় কৰাৰ সুযোগ দিয়াৰ উদ্দেশ্যে সাময়িকভাৱে এই সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে।

এতিয়ালৈকে মণিপুৰত হিংসাত্মক ঘটনাত ৫৪ জন লোকৰ মৃত্যু হৈছে। বুধবাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখন অস্থিৰ হৈ পৰিছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে একাংশ ঠাইত সান্ধ্য আইন জাৰি কৰিছে। ৰাজ্যৰ কিছু অংশত ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হৈছে।

লগতে পঢ়ক: তোলনীয়া কন্যাক অমানুষিক নিৰ্যাতন চলোৱা মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰ

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে শনিবাৰে নিশা টুইটযোগে এক অধিসূচনা প্ৰকাশ কৰে। সেইমতে দেওবাৰে পুৱা ৭ বজাৰ পৰা ১০ বজালৈ চুৰাচান্দপুৰত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় আৰু জৰুৰী কামৰ বাবে সাময়িকভাৱে উঠাই লোৱা হৈছে সান্ধ্য আইন। সেই অঞ্চলত আইন-শৃংখলাৰ পৰিস্থিতি উন্নত হোৱা বুলিও চৰকাৰে সদৰী কৈছে।

বুধবাৰৰ নিশা চুৰাচান্দপুৰত হিংসা আৰম্ভ হয়। ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছটি)ৰ মৰ্যাদা বিচাৰি আন্দোলন কৰি আহিছে। বুধবাৰে মণিপুৰী ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ’ চমুকৈ আটছুমে তেওঁলোকৰ দাবীৰ বিৰোধিতা কৰি এক শোভাযাত্ৰা উলিয়ায়। তাৰ পৰাই আৰম্ভ হয় সংঘাত। যিটো ক্ৰমান্বয়ে বৃদ্ধি পায়।

এটা সময়ত পৰিস্থিতি প্ৰশাসনৰ নিয়ন্ত্ৰণৰ পৰা ওলাই যায়। প্ৰত্যক্ষদৰ্শীয়ে কয় যে আৰক্ষীয়ে চেষ্টা কৰিও এই হিংসাত্মক ঘটনা ৰোধ কৰিব নোৱাৰিলে। ইম্ফলৰ বিস্তৃত অঞ্চলত ঘৰত অগ্নিসংযোগৰ ঘটনা ঘটিছে। মহানগৰীত বোমা আৰু বন্দুকৰ গুলীৰ শব্দও শুনা যায়। জীৱনৰ ভয়ত বহু লোকে মণিপুৰ এৰি পলাবলৈ বাধ্য হৈছে।

লগতে পঢ়ক: চখেই কাল হ’ল! ঘোঁৰা দৌৰাবলৈ গৈয়েই মৃত্যু মাতিলে মিছ ইউনিভাৰ্ছ প্ৰতিযোগীয়ে

চুৰাচান্দপুৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰা হৈছিল। বুধবাৰৰ পৰা তাত জাৰি কৰা হৈছে কাৰ্ফিউ। এনে পৰিস্থিতিত সাধাৰণ ৰাইজক সকাহ দিবলৈ শনিবাৰে সাময়িকভাৱে সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হয়। বিয়লি ৩ বজাৰ পৰা বিয়লি ৫ বজালৈ সান্ধ্য আইন উঠাই দিয়ে চৰকাৰে। ইয়াৰ পিছত দেওবাৰে পুৱা পুনৰ তিনি ঘণ্টাৰ বাবে সকাহ দিয়া হৈছে।