NORTHEAST NOW (Assamese)
Popular Stories

ৰাজতন্ত্ৰ বিৰোধী বিক্ষোভ; ৰজা চাৰ্লছৰ ৰাজ অভিষেকৰ পূৰ্বে লণ্ডনত ৫২জনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 7, 2023 1:11 pm

ব্ৰিটেইনত ৭০ বছৰৰ পাছত নতুন ৰজাই ৰাজ মুকুট পিন্ধিলে। সমগ্ৰ দেশতে ৰজা তৃতীয় চাৰ্লছৰ ৰাজ অভিষেকক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশ। ইফালে বহু লোকে এই বৰ্ণিল অনুষ্ঠানৰ পূৰ্বে ৰাজতন্ত্ৰ বিৰোধী পদযাত্ৰাত যোগদান কৰে।

ৰাজকীয় অনুষ্ঠানত যাতে কোনো বিঘিনি নঘটে, তাৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ‘ৰিপাব্লিক’ দলৰ ৫২ জন সদস্যক। ইয়াৰ ভিতৰত আছে দলৰ নেতা গ্ৰেহাম স্মিথ।

লগতে পঢ়ক: যুদ্ধৰ খবৰ: ৰাছিয়াৰ গোলাবৰ্ষণত ইউক্ৰেইনৰ ৬ বিস্ফোৰক বিশেষজ্ঞ নিহত

শনিবাৰে নতুন যুগৰ আৰম্ভণিৰ সাক্ষী হ’বলৈ বৰষুণৰ মাজতো সাধাৰণ জনতাৰ ভিৰ দেখা যায়। তাৰ মাজতে ৰাজতন্ত্ৰ বিৰোধী দলৰ শ্লোগানে তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰে।

‘ৰাজতন্ত্ৰ নিপাত যাওক’ বুলি লিখা প্লেকাৰ্ড লৈ বহু লোকে পদযাত্ৰাত অংশ লৈছিল। সেই পদযাত্ৰাৰ পৰা আৰক্ষীয়ে ৫২ জন লোকক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: আমেৰিকাৰ টেক্সাছৰ শ্বপিং মলত গুলীচালনাৰ ঘটনাত ৯ জন নিহত; বন্দুকধাৰীক গুলীয়াই হত্যা আৰক্ষীৰ

উল্লেখ্য যে দ্বিতীয় ৰাণী এলিজাবেথৰ দীঘলীয়া ৭০ বছৰীয়া ৰাজত্বৰ অন্ত পৰাৰ পিছত তৃতীয় চাৰ্লছে ৰজা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিলে। নতুন ৰজাৰ ৰাজত্বৰ আৰম্ভণি উদযাপনৰ বাবে দেশত তিনিদিনীয়া বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।