NORTHEAST NOW (Assamese)
Popular Stories

চাণক্য নীতি : প্ৰতিদিনে মানি চলক এইকেইটা কথা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 10, 2023 7:15 am
Chanakya Principle

আচাৰ্য চাণক্য আছিল এজন নিপুণ অৰ্থনীতিবিদ, কূটনীতিবিদ আৰু ৰাজনীতিবিদৰ লগতে এজন মহান শিক্ষক। আচাৰ্য চাণক্যই নীতি-শাস্ত্ৰত বহু দৰকাৰী কথা কৈছে। এইবোৰ নীতি মানি চলিলে জীৱনত সফলতা লাভ কৰিব পাৰি। নীতি-শাস্ত্ৰই ধন, সম্পৰ্ক, বিবাহ, কৰ্মসংস্থাপন আৰু শিক্ষাৰ লগত জড়িত বহু কথা উল্লেখ কৰিছে।

লগতে পঢ়কঃ চাণক্য নীতি: শত্ৰুতকৈও ভয়ংকৰ এইবোৰ মানুহ; ভুলতো তেওঁলোকৰ সহায় নল’ব!  

আচাৰ্য চাণক্যৰ মতে, যি পৰিয়ালত সদায় ঐক্য আৰু প্ৰেম থাকে, তাত সদায় লক্ষ্মীয়ে বসতি কৰে। গতিকে সদায় প্ৰেমৰ মাজেৰে সম্পৰ্কবোৰ বৰ্তাই ৰাখক। ইজনে সিজনক সহায় কৰক। আপুনি জীৱনত বহুত আগবাঢ়িব।

লগতে পঢ়কঃ চাণক্য নীতি: এনে বন্ধুৰ পৰা সাৱধান হওক, নহ’লে হ’ব পাৰে ডাঙৰ বিপদ

চাণক্যৰ মতে মূৰ্খৰ কথাত কেতিয়াও বিশ্বাস কৰা উচিত নহয়। মূৰ্খৰ কথা বিশ্বাস কৰা সকল কেতিয়াও সফল নহয়। গতিকে পণ্ডিতসকলৰ কথা শুনক।

লগতে পঢ়কঃ চাণক্য নীতি: পত্নীক কেতিয়াও ভুলতেও নক’ব এই ৪টা কথা; নহ’লে পস্তাব লাগিব গোটেই জীৱন

চাণক্যৰ মতে ঘৰুৱা পাকঘৰ কেতিয়াও খালী হ’বলৈ দিব নালাগে। খাদ্য বস্তু শেষ হোৱাৰ আগতেই নতুন খাদ্য সঞ্চয় কৰিব লাগে। পাকঘৰ খালী হৈ পৰিল লক্ষ্মীদেৱী অসন্তুষ্ট হৈ পৰে। সেয়ে মা লক্ষ্মীৰ কৃপাদৃষ্টি বৰ্তাই ৰাখিবৰ বাবে পাকঘৰ খালী হ’বলৈ নিদিব।

লগতে পঢ়কঃ চাণক্য নীতি: যি গুণৰ বাবে পুৰুষৰ প্ৰেমত পৰে মহিলা