NORTHEAST NOW (Assamese)
Popular Stories

ভয়ানক! পৰীক্ষাৰ ফলাফলৰ পিছতেই আত্মহনন ৮ গৰাকী স্কুলীয়া শিক্ষাৰ্থীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 11, 2023 12:40 pm

৮ গৰাকীকৈ স্কুলীয়া শিক্ষাৰ্থীৰ ধাৰাবাহিক আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ তেলেংগনা ৰাজ্য। দুদিন পূৰ্বে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাজ্যখনত চাৰিগৰাকী ছাত্ৰীসহ মুঠ ৮ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ বিপৰীতে মঙলবাৰে আন দুগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা চলাইছে।

আত্মহত্যা কৰা ৮ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৫ গৰাকী ৰাজ্যৰ ৰাজধানী হায়দৰাবাদৰ আৰু বাকীকেইগৰাকী নিজামবাদ, ৱানাপাৰ্থী আৰু জগটিয়ালৰ।

আনহাতে আত্মহত্যাৰ চেষ্টা চলোৱা ছাত্ৰী দুগৰাকী ছাংগাৰেডী আৰু ৱানাপাৰ্থীৰ।

উল্লেখ্য যে তেলেংগনাত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত ছাত্ৰ-ছাত্ৰীয় আত্মহত্যা কৰাৰ ঘটনা আগতেও কেইবাবাৰো ঘটিছে। যাৰ বাবে চৰকাৰে আত্মহত্যা ৰোধ কৰিবলৈ একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলক মানসিক চাপ আৰু উদ্বেগ দূৰ কৰাত সহায় কৰিবলৈ ২৪ ঘণ্টাই কাম কৰা এটা কোষ তৈয়াৰ কৰিছে তেলেংগনাৰ চৰকাৰে। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দিবলৈ টোল ফ্ৰী হেল্পলাইন (১৪৪১৬)ও আছে।

উল্লেখ্য যে দুসপ্তাহ আগত অন্ধ্ৰ প্ৰদেশত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ ৪৮ ঘণ্টাৰ ভিতৰতে ৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল।

এপ্ৰিল মাহত মাহবুবাবাদ জিলাৰ চৰকাৰী আৱাসিক বিদ্যালয়ত অধ্যয়নৰত এজন জনজাতীয় ছাত্ৰই এম বি বি এছৰ আসন নিশ্চিত কৰিবলৈ পৰ্যাপ্ত নম্বৰ নোপোৱাৰ আশংকাত নিজকে হত্যা কৰিছিল। কিন্তু ইণ্টাৰমিডিয়েট পৰীক্ষাত ১০০০ নম্বৰৰ ভিতৰত ৮৯২ নম্বৰ লাভ কৰিছিল গুগোলোথ কৃষ্ণই নামৰ এই ছাত্ৰজনে।

উল্লেখ্য যে ২০২১ চনৰ ডিচেম্বৰ মাহত ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ কৰাৰ পিছত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ ওপৰত মানসিক চাপ কমাবৰ বাবে সকলোকে “উত্তীৰ্ণ” বুলি ঘোষণা কৰিছিল।