NORTHEAST NOW (Assamese)
Popular Stories

মুছলমানৰ সংৰক্ষণ উঠাই দিয়াৰ কথা নক’ব – অমিত শ্বাহক সকীয়নি উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 11, 2023 11:22 am

অমিত শ্বাহৰ বক্তব্যক তীব্ৰ সমালোচনা কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। কৰ্ণাটকৰ নিৰ্বাচনত মুছলমানৰ সংৰক্ষণ উঠাই লম বুলি অমিত শ্বাহে কৰা মন্তব্যক বিৰোধিতা কৰি অমিত শ্বাহক এনে বক্তব্য নিদিবলৈ সকীয়াই দিলে উচ্চতম ন্যায়ালয়ে।

কৰ্ণাটকত ৪% মুছলমানৰ সংৰক্ষণ আঁতৰোৱাৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক মন্তব্য কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিলে যে এই মুহূৰ্তত সমগ্ৰ বিষয়টোৰ বিচাৰ চলি আছে। এই প্ৰেক্ষাপটত কোনো ৰাজনৈতিক মন্তব্য কৰাটো উপযুক্ত নহয়।

ন্যায়াধীশ কে এম জোচেফ বি ভি নাগাৰত্ন আৰু আছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে কয় যে সমগ্ৰ বিষয়টো আদালতৰ বিচাৰাধীন হৈ আছে। তদুপৰি কৰ্ণাটকত মুছলমানৰ সংৰক্ষণৰ সন্দৰ্ভত আদালতৰ নিৰ্দেশ আছে। তেনে ক্ষেত্ৰত কোনো ৰাজনৈতিক মন্তব্য কৰাটো সঠিক নহয়।