NORTHEAST NOW (Assamese)
Popular Stories

নগৰ নিকায় নিৰ্বাচনৰ ফলাফল : যোগীৰাজ্যত বিজয়ৰ মুকুট পিন্ধিলে ভাৰতীয় জনতা পাৰ্টিয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 13, 2023 6:10 pm

উত্তৰ প্ৰদেশ ৰাজ্যৰ ৭৬০ টা সমষ্টিৰ নগৰ নিকায় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা আঠ বজাৰ পৰা আৰম্ভ হৈছে।

৭৫খন জিলাৰ ৩৫৩টা কেন্দ্ৰত প্ৰায় ৩৫ হাজাৰ কৰ্মীয়ে ভোটগণনা কৰি আছে।

পুৱা ৯ বজাৰ পৰা সদস্যৰ ফলাফল ঘোষণা কৰা হয়।

উল্লেখ্য যে যোৱা ৪ মে’ আৰু ১১ মে’ত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল নগৰ নিকায় নিৰ্বাচনৰ ভোটগ্ৰহণ।

পৌৰ নিগমত ইভিএম আৰু নগৰ পঞ্চায়তত বেলট পেপাৰৰ জৰিয়তে ভোটদান কৰা হৈছিল।

জানিব পৰা মতে ৰাজ্যখনত ১৭টা মেয়ৰ পদত ভোটগণনা চলি আছে।

ইয়াৰে ১৫ টা পদত বিজেপি আগবাঢ়ি থকাৰ বিপৰীতে দুখন আসনত আগবাঢ়ি আছে বিএছপি।