NORTHEAST NOW (Assamese)
Popular Stories

ধৰ্ষণকাৰীক গ্ৰেপ্তাৰত ব্যৰ্থ আৰক্ষী বিষয়াৰ সাংবাদিকৰ ওপৰত দাদাগিৰি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 15, 2023 9:09 pm

ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰত দাদাগিৰী। সাংবাদিকক নীতিশিক্ষা দিয়াৰ স্পৰ্ধা ক্ষমতাত মদমত্ত আৰক্ষী বিষয়াৰ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কিয় আৰক্ষীয়ে কৰিলে আক্ৰমণ! আৰক্ষীৰ ডিউটি ডিউটি, সাংবাদিকৰ ডিউটি ডিউটি নহয় নেকি? নৰ্থইষ্ট নাওৰ সাংবাদিকক আৰক্ষীৰ দুৰ্ব্যৱহাৰ।

DGP জিপি সিঙৰ নিৰ্দেশকো ধোঁৱাচাংত তুলিলে এগৰাকী আৰক্ষী বিষয়াই। খাকী পোছাক আৰক্ষীয়ে জন হিতাৰ্থে, জন সেৱাৰ্থে পিন্ধে। কিন্তু কিছু সংখ্যক আৰক্ষী বিষয়া যেন খাকী পোছাকজোৰৰ বলত বলিয়ান হৈ হৈ পৰিছে দাম্ভিক, অহংকাৰী।

ৰাজখোৱা উপাধিৰ এগৰাকী বিষয়ালৈ মন কৰক। এইগৰাকী আৰক্ষী বিষয়াৰ বাবে সাংবাদিকৰ ডিউটি হেনো ডিউটি নহয়েই। বাতৰি সংগ্ৰহৰ বাবে যোৱা নৰ্থ ইষ্ট নাওৰ সাংবাদিক সপোন বৰাক দুৰ্ব্যৱহাৰ কৰিলে এইগৰাকী জন হীত, জন সেৱাৰ শপত লৈ খাকী পোছাক পিন্ধা দাম্ভিক বিষয়াই।

এতিয়া প্ৰশ্ন হয় , ভালুকৰ সাঙিত পৰিণত হৈছে নেকি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশনা। কিয়নো আৰক্ষীক জনসাধাৰণৰ সৈতে সু সম্পৰ্ক ৰাখিবলৈ নিৰ্দেশনা দিছিল আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে। কিন্তু তাৰ পাছতো এওঁৰ দৰে ক্ষমতাৰ ৰাগীত বলিয়ান আৰক্ষী বিষয়াই সাংবাদিকৰ সৈতে কৰিছে দুৰ্ব্যৱহাৰ। কেৱল নৰ্থ ইষ্ট নাওৰ সাংবাদিকেই নহয়, অসমৰ এটি ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিককো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে

এনেদৰেই দম্ভ অহংকাৰেৰে মদমত্ত হ’লে সাধাৰণ মানুহ কেনেকৈ আৰক্ষীৰ কাষ চাপিবলৈ সাহস কৰিব। এতিয়া সেয়াহে চিন্তনীয় বিষয় হৈ পৰিছে।