NORTHEAST NOW (Assamese)
অসম

কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ: আৰক্ষীক ধিক্কাৰ আম আদমি পাৰ্টীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 15, 2023 9:07 pm
কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ: আৰক্ষীক ধিক্কাৰ আম আদমি পাৰ্টীৰ

তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ এলেকাত কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগত অভিযুক্ত বিজেপি নেতা সমুন্দ্ৰ ৰায় লিম্বুক গ্ৰেপ্তাৰৰ দাবীত আজি দীঘলী পুখুৰীৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমি পাৰ্টীয়ে।

আম আদমী পাৰ্টীৰ এই প্ৰতিবাদৰ সময়ত কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। অসম আৰক্ষীৰ এই কাৰ্যক তীব্ৰ নিন্দা কৰিছে আপে।

এক বিবৃতি যোগে আম আদমি পাৰ্টীয়ে আৰক্ষীৰ এই কাৰ্যক ধিক্কাৰ দি এয়া ফেচীবাদী বিজেপি চৰকাৰখনে অসমত আৰম্ভ কৰা পুলিচৰাজৰ এক প্ৰতিফলন বুলি অভিহিত কৰে।

দোষী আৰক্ষীক বিধিমতে শাস্তি বিহিবলৈ দলটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনায়।