NORTHEAST NOW (Assamese)
দেশ

কুনোত পুনৰ মৃত্যু নামিবিয়ান চিতাৰ: এইবাৰ মৃত্যু নৱজাত পোৱালীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 25, 2023 10:27 am
cheetah died

দেশৰ মাটিত পুনৰ চিতাৰ বংশ বৃদ্ধিৰ পৰিকল্পনাৰে আফ্ৰিকান দেশৰ পৰা ভাৰতলৈ চিতাৰ আমদানি ঘটোৱা হৈছিল যদিও ভাৰতৰ এই পৰিকল্পনাত বাধাৰ সৃষ্টি হৈছে। মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া এই চিতাসমূহৰ ইতিপূৰ্বেই তিনিটাৰ মৃত্যু ঘটিছিল।

শেহতীয়াকৈ পুনৰ উদ্যানখনত মৃত্যু ঘটে আন এটা চিতাৰ। অৱশ্যে পূৰ্বে মৃত্যু ঘটা চিতাকেইটা নামিবিয়াৰ পৰা অনা প্ৰাপ্তবয়স্ক আছিল যদিও এতিয়া মৃত্যু হোৱা চিতাটি ভাৰতত জন্ম হোৱা নৱজাত পোৱালী আছিল।

এই নৱজাত পোৱালীটোৰ মৃত্যুৰ লগে লগে যোৱা ডেৰ মাহত চাৰিটা চিতা উদ্যানখনত মৃত্যুমুখত পৰিছে। এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে উদ্যান কৰ্তৃপক্ষ। কুনোৰ বিশেষজ্ঞ পশু চিকিৎসকে সদৰী কৰা মতে, একাধিক শাৰীৰিক ৰোগৰ বাবে পোৱালিটোৰ মৃত্যু হয়।

উল্লেখ্য যে, যোৱা বছৰৰ ১৭ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল এটা মাইকী চিতা। যোৱা মাৰ্চ মাহত এই মাইকী চিতাটিয়ে ৪ টা পোৱালি জন্ম দিছিল। ইয়াৰে এটা পোৱালীৰ মৃত্যু হয় মঙলবাৰে।

পোৱালীটোৰ মৃত্যুৰ সঠিক কাৰণ জানিবলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে চলিত মাহৰ ৯ তাৰিখে কুনো ৰাষ্ট্ৰীয় উদ্যানত এটি মাইকী চিতাৰ মৃত্যু হৈছিল।

আনহাতে নামিবিয়াৰ পৰা অনা ৫ বছৰীয়া চিতা ছাছাৰ ২৭ মাৰ্চত মৃত্যু হৈছিল। সেইদৰে দক্ষিণ আফ্ৰিকাৰ পৰা অনা এটা মতা চিতা উদয়ৰ ২৪ এপ্ৰিলত মৃত্যু হৈছিল।