NORTHEAST NOW (Assamese)
Popular Stories

১৭ বছৰ বয়সতে মেছিৰ সৈতে তুলনা! নিজে কি ভাবে, উত্তৰ দিলে স্পেইনৰ লেমিন ইয়ামালে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 8, 2024 12:38 pm

মাত্ৰ ১৬ বছৰ বয়সত ইউৰো কাপ জয় কৰিছিল। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ উদীয়মান ফুটবলাৰৰ বঁটা লাভ কৰিছিল। ১৭ বছৰ বয়সত লেমিন ইয়ামালক লিয়নেল মেছিৰ সৈতে তুলনা কৰা হৈছে। এই তুলনাৰ বিষয়ে স্পেনিছ ফুটবলাৰগৰাকীয়ে নিজে কি ভাবে?

ইয়ামালে মেছিৰ পুৰণি ক্লাব বাৰ্চিলোনাৰ হৈ খেলে। ক্লাব ফুটবলতো তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এতিয়াৰে পৰা তেওঁক ভৱিষ্যতৰ তাৰকা হিচাপে গণ্য কৰা হয়। সেই ইয়ামালে মেছিৰ সৈতে তেওঁৰ তুলনাৰ বিষয়ে মুখ খুলিছে।

লগতে পঢ়কঃ শিশু ‘হস্তান্তৰযোগ্য সম্পত্তি’ নহয়; ২ বছৰ ৭ মহীয়া শিশুৰ জিম্মাৰ গোচৰত ক’লে উচ্চতম ন্যায়ালয়ে

তেওঁ কয়, ‘যেতিয়া আপোনাক ইতিহাসৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সৈতে তুলনা কৰা হয়, তেতিয়া আপুনি নিশ্চয় ভাল খেলি আছে। মই তেনেকৈয়ে ভাবো। গতিকে এই তুলনাই মোৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই। কিন্তু সঁচা কথা ক’বলৈ গ’লে মই কাকো নকল কৰিব নিবিচাৰো। মই মাথোঁ ভাল খেলিব বিচাৰো।”

কিছুদিন পূৰ্বে ইয়ামালে মেছি আৰু নেইমাৰক লৈ নিজৰ মত প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে তেওঁ দুয়োৰে খেল চাই ভাল পায়। নেইমাৰৰ খেলৰ শৈলী তেওঁ ভাল পায়। আৰু মেছি তেওঁৰ দৃষ্টিত বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ। মেছিৰ দৰে তেওঁ বাওঁ ভৰিৰ ফুটবলাৰ। তাৰ বাবেই ইয়ামালে স্বীকাৰ কৰে যে তেওঁৰ খেলৰ শৈলী কেতিয়াবা মেছিৰ সৈতে মিল থাকে। স্পেনিছ ফুটবলাৰগৰাকীয়ে লগতে স্বীকাৰ কৰে যে তেওঁ মেছিৰ খেল চাই বহু কথা শিকিছে।

লগতে পঢ়কঃ ভাৰতীয় সংগীত জগতৰ একমেব অদ্বিতীয়ম শিল্পীগৰাকী! সুধাকণ্ঠৰ ওপজা দিনত একাঁজলি শ্ৰদ্ধাঞ্জলি

এইবাৰ ব্যালন ডি’অৰ বঁটাৰ বাবে মনোনীত হৈছে ইয়ামাল। তেওঁ এই কৃতিত্ব অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ফুটবলাৰ। বাৰ্চিলোনাৰ হৈ এই ছিজনত দৃষ্টি আকৰ্ষণ কৰিছে ইয়ামালে। বিশেষজ্ঞসকলে কয় যে তেওঁ ভৱিষ্যতে স্পেইনক আৰু ডাঙৰ ডাঙৰ ট্ৰফী জিকাব। ইয়ামালে সদ্যহতে কেৱল নিজৰ ফুটবলৰ কথাহে ভাবিব বিচাৰে। তেওঁ আৰু ভাল খেলিব বিচাৰে।