• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় সংগীত জগতৰ একমেব অদ্বিতীয়ম শিল্পীগৰাকী! সুধাকণ্ঠৰ ওপজা দিনত একাঁজলি শ্ৰদ্ধাঞ্জলি

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
September 8, 2024 10:27 am
সুধাকণ্ঠ ভূপেন হাজৰিকা। ফাইল ফটোঃ সংগ্ৰহীত।

সুধাকণ্ঠ ভূপেন হাজৰিকা। ফাইল ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ অনন্য সুৰ, কণ্ঠ, সংগীত তথা কথাৰে বিশ্বৰ সংগীত জগতক মুগ্ধ কৰি তোলা অসমীয়াৰ অনুপ্ৰেৰণাৰ উৎস ভূপেন হাজৰিকাৰ পৰিচয় বিশ্বজনীন। মানুহৰ হৃদয়ত যিগৰাকী শিল্পীৰ সংগীতৰ বসবাস, যিগৰাকী শিল্পীৰ গীতৰ কথাই একোটা কাহিনীৰে, একোখন ছবিৰে অনুৰাগীৰ মনক আন্দোলিত কৰি যায়, তেওঁৱেই সকলোৰে হিয়াৰ আমঠু ভূপেনদা।  

আজি সেইগৰাকী সুধাকণ্ঠ, অসমীয়াৰ আৱেগ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী। সমগ্ৰ অসমৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্ততো শিল্পীগৰাকীক তেওঁৰ অজস্ৰ অনুৰাগীয়ে সুঁৱৰিছে।

মানৱতা আৰু বিশ্ব ভাতৃত্ববোধৰ ভাৱধাৰাৰে নিজেই অসমীয়াত ৰচনা কৰা আৰু কণ্ঠদান কৰা সুধাকণ্ঠৰ গানসমূহ হিন্দী আৰু বাংলাকে ধৰি বিভিন্ন ভাষালৈ অনুবাদ হৈ পৰিৱেশিত হৈছে। সেয়ে, শিল্পীগৰাকীৰ আদৰ দেশ-বিদেশতো বিয়পি ৰৈছে। ভাৰতৰ বাহিৰেও বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বাংলাদেশত সুধাকণ্ঠৰ জনপ্ৰিয়তা অতুলনীয়। সীমাৰ পৰিধি ভাঙি শিল্পীগৰাকীৰ গীতে সৰ্বত্ৰে সৌৰভ বিলাইছে।

Apply Now

অসমৰ জাতীয় জীৱনত অপৰিসীম প্ৰভাৱ পেলোৱা শিল্পী ভূপেন হাজৰিকাই অসমীয়াৰ মনত ৰোপন কৰি যোৱা ‘মোৰ আইক ভালপাঁও বুলিলে জানো, আনৰ আইক ঘিণ কৰাটো বুজাব?’ দৰাচলতে এক বিশ্বজনীন আদৰ্শৰ আধাৰ। বিশ্বায়নৰ আজিৰ দিনত সকলো জাতি-জনগোষ্ঠীয়ে এক সাংস্কৃতিক অৱক্ষয়ৰ শংকাত ভূগি থকাৰ সময়ত সকলোৱে এই ভাৱধাৰাৰে আগবঢ়া উচিত। অৰ্থাৎ নিজৰ সংস্কৃতিৰ প্ৰতি প্ৰগাঢ় অনুৰাগ ৰাখিয়েই বিশ্ব নাগৰিক হোৱাৰ প্ৰয়াস কৰা উচিত!

সুধাকণ্ঠৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ আছিল তেওঁৰ গণ সংযোগ। ইয়াৰ মাধ্যমেৰে তেওঁ বিভিন্ন শ্ৰেণীৰ লোকৰ অন্তৰত প্ৰৱেশ কৰিছিল আৰু অন্তৰ জয় কৰিছিল। সেয়ে, তেওঁ গণ শিল্পী। তেওঁ যেনেকৈ বঞ্চিত, নিপীড়িত জনৰ মনৰ কথা সাৱলীল ৰূপত গানৰ মাজেৰে প্ৰকাশ কৰিছিল, তেনেকৈ বৌদ্ধিক চিন্তা-চেতনাকো গানৰ মাজেৰে তুলি ধৰিছিল। সমাজৰ এনে কোনো স্তৰৰ ব্যক্তি নাই যাৰ মনৰ দিগন্তত শিল্পীগৰাকীয়ে বিচৰণ কৰা নাই।

আৰু জীৱনমুখী গান? ভাৰতীয় আধুনিক সংগীতত জীৱনমুখী গানৰ স্ৰষ্টা আছিল সুধাকণ্ঠ ভূপেন হাজৰিকা। জীৱনক ভালপোৱা, গ্ৰাম্য সমাজৰ নিখুঁত চিত্ৰকাৰ, সুখ-দুখৰ অনুভুতি, অন্তৰাত্মাৰ ব্যথা-আনন্দ আৰু প্ৰকৃতিৰ নিৰ্ভাৰ সৌন্দৰ্যৰ সুৰীয়া অভিব্যক্তি-এই সকলোৰে মূৰ্তমান সুধাকণ্ঠৰ স্মৃতি। লোক সংগীতৰ আধাৰত সৃষ্টি কৰা তেওঁৰ গীতসমূহে এটা চিৰন্তন আবেদন লাভ কৰিছে। অসমীয়া সংগীতত তেওঁৰ এই অতুলনীয় ধাৰাটোৰ ব্যাপক চৰ্চা হোৱাটো অত্যন্ত আদৰণীয় হ’ব।

আজি এই মহান শিল্পীগৰাকীৰ ওপজা দিনত তেওঁৰ সৃষ্টিৰ সোঁৱৰণেৰে তেওঁৰ গানৰ ‘হাজাৰ শ্ৰোতা’ৰ মন উদ্বেলিত কৰি প্ৰাণ পাই উঠিছে। প্ৰতিজন অসমীয়াৰ লগতে বিশ্বৰ অজস্ৰ অনুৰাগীৰ হৃদয়ত যুগ যুগ ধৰি যাযাবৰী শিল্পীগৰাকীৰ অননুকৰণীয় সংগীতে লহৰ তুলিব তাত কোনো সন্দেহ নাই।  

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd