NORTHEAST NOW (Assamese)
দেশ

সকীয়নি! শান্তি বিঘ্নিত কৰাৰ চেষ্টা কৰিলেই নিষিদ্ধ হ’ব আৰ এছ এছ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 25, 2023 3:20 pm
RSS

বিজেপিৰ আদৰ্শগত গুৰু তথা হিন্দুত্ববাদী সংগঠন আৰ এছ এছ- লৈ সকীয়নি! সাম্প্ৰদায়িক সম্প্ৰীতি তথা শান্তি বিঘ্নিত কৰাৰ চেষ্টা কৰিলেই কৰ্ণাটকত নিষিদ্ধ হ’ব আৰ এছ এছ। এই সকীয়নি প্ৰদান কৰিছে এগৰাকী কংগ্ৰেছ নেতাই।

চিত্তপুৰ বিধানসভাৰ বিধায়ক তথা কংগ্ৰেছ নেতা প্ৰিয়াংক খৰ্গেই হিন্দুত্ববাদী সংগঠনটোক এই সকীয়নি প্ৰদান কৰিছে।

প্ৰিয়াংক খৰ্গেই আৰ এছ এছ- ক সকীয়াই কয় যে, ৰাজ্যৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকে ধৰি কোনো সংগঠনকে নিষেধাজ্ঞা আৰোপ কৰিবলৈ নৱশপত গ্ৰহণ কৰা সিদ্ধাৰমাইয়া চৰকাৰে কুণ্ঠাবোধ নকৰে।

এক টুইট যোগে খৰ্গেই কয়, “যদি কোনো ধৰ্মীয় বা ৰাজনৈতিক সংগঠনে কৰ্ণাটকত শান্তি বিঘ্নিত কৰিবলৈ, সাম্প্ৰদায়িক ঘৃণা বিয়পাই দিবলৈ চেষ্টা কৰে, তেতিয়া আমাৰ চৰকাৰে সেই সংগঠনক আইনগতভাৱে মোকাবিলা কৰিবলৈ বা নিষিদ্ধ কৰিবলৈ কুণ্ঠাবোধ নকৰে। সেয়া লাগিলে আৰ এছ এছ বা আন কোনো সংগঠন হওক।”

লক্ষণীয়ভাৱে, কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ইস্তাহাৰত আন এক হিন্দুত্ববাদী সংগঠন বজৰং দলকো নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছে।

কংগ্ৰেছৰ এই নিৰ্বাচনী ইস্তাহাৰক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। আৰ এছ এছ আৰু বিজেপিয়ে কংগ্ৰেছৰ এই প্ৰতিশ্ৰুতিক লৈ তীব্ৰ সমালোচনা কৰিছিল।