NORTHEAST NOW (Assamese)
অসম

নকল সোণৰ বিৰুদ্ধে অভিযান! ডবকাত ‘সোণালী’ যীচু খ্ৰীষ্টৰ সৈতে তিনিজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 27, 2023 11:28 am

হোজাই‘ৰ ডবকাত নগাঁও আৰক্ষীৰ এটা দলে নকল সোণৰ যীচু খ্ৰীষ্টৰ প্ৰতিমূৰ্তিসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।শেহতীয়াকৈ ৰাজ্যজুৰি চলি থকা নকল সোণৰ চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে  ঘোষণা কৰা অভিযানৰে ই অংশ আছিল।

বাতৰি অনুসৰি, ডবকাৰ নামডবকা পথাৰ এলেকাত এটা নিৰ্দিষ্ট সূত্ৰৰ ভিত্তিত এই অভিযান চলোৱা হয়। লাখ লাখ লোকক প্ৰতাৰণা কৰাৰ উদ্দেশ্যেৰে এদল লোকে ‘সোণালী’ যীচু খ্ৰীষ্টক ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে।

অভিযানৰ সময়ত আৰক্ষীয়ে তিনিজন লোকক আটক কৰি তেওঁলোকৰ লগত যীচু খ্ৰীষ্টৰ উক্ত নকল সোণৰ প্ৰতিমূৰ্তিটো উদ্ধাৰ কৰে। প্ৰতিমূৰ্তিটোৰ ওজনৰ হিচাপত প্ৰায় ১.৭ কিলোগ্ৰাম।

লগতে পঢ়ক: মাজ আকাশত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি মাতি আনিছিল ভয়ংকৰ বিপদ; গ্ৰেপ্তাৰ সেই যাত্ৰী

আটকাধীন লোককেইজন হৈছে আছলাম তালুকদাৰ, জুবাইৰ হুছেইন, আৰু ইকবাল হুছেইন। এই সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে আৰক্ষীৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন হোৱা এটা নকল সোণৰ চক্ৰ অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰত থকা বুলি দাবী কৰা হৈছে।

এতিয়াও চিআইডিয়ে তদন্ত চলাই থকা আৰু চিবিআইৰ তদন্তৰ বাবে প্ৰক্ৰিয়া চলি থকাৰ সময়তে গোচৰটোত কোনো অগ্ৰগতি দেখা যোৱা নাই।

লগতে পঢ়ক: কি যে হ’ব! জলাশয়ত পৰিল বিষয়াৰ দামী ফোন; উদ্ধাৰৰ বাবে সিঁচি পেলোৱা হ’ল ২১ লাখ লিটাৰ পানী

আনকি একাংশই অভিযোগ উত্থাপন কৰিছে যে এই হত্যাকাণ্ডত শীৰ্ষ পদবীৰ আৰক্ষী জড়িত হৈ আছে আৰু বৰ্তমান নকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে চলোৱা অভিযানৰ সমগ্ৰ দৃশ্যপটটো জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাই নিয়াৰ কৌশলহে।