NORTHEAST NOW (Assamese)
অসম

মহানগৰীত জলসন্ত্ৰাস! খাৰঘূলিৰ পিছত এইবাৰ মালিগাঁওত ফুটিল পানীৰ পাইপ; জলমগ্ন বিস্তৃত অঞ্চল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 29, 2023 12:37 pm

মহানগৰীত যেন জলসন্ত্ৰাস আৰম্ভ হৈছে। খাৰঘূলিৰ পিছত এইবাৰ মালিগাঁৱত ফুটিল জাইকাৰ পানীৰ পাইপ। ফলত নিমিষতে জলমগ্ন হৈ পৰিল সমগ্ৰ মালিগাঁও চাৰিআলি অঞ্চল।

জালুকবাৰী থানাৰ সমীপত নিৰ্মীয়মাণ উৰণীয়া সেতুৰ তলত এইদৰে পানীৰ পাইপ ফুটি এইদৰে বিস্তৃত অঞ্চল জলমগ্ন হৈ পৰে। ইয়াৰ ফলত বহু সময় ধৰি তীব্ৰ যানজঁটৰ সৃষ্টি হয়।

লগতে পঢ়ক: মৰ্মান্তিক! জালুকবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জন ছাত্ৰ নিহত

উল্লেখ্য যে যোৱা ২৫ মে’ত মহানগৰীৰ খাৰঘূলিত জাইকাৰ পানীৰ পাইপ ফুটি আতংকৰ সৃষ্টি কৰিছিল। সেই ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আৰু কেইবাজনো লোক আহত হৈছিল। তদুপৰি, বহু লোকৰ ঘৰ–দুৱাৰ, যান–বাহন আদি ক্ষতিগ্ৰস্ত হৈছিল।

কিন্তু খাৰঘূলিৰ সেই ঘটনাৰ তিনিদিনৰ পিছতে মালিগাঁৱত পুনৰ জল বিস্ফোৰণৰ ঘটনা ঘটিল। স্বাভাৱিকতে এনে ঘটনাত ক্ষুব্ধ মহানগৰীৰ বাসিন্দা।

লগতে পঢ়ক: ৰাজপথত সন্মান লুটিলে সতীৰ্থৰ! ক্ষোভত তাৎক্ষণিক প্ৰতিক্ৰিয়া অলিম্পিক স্বৰ্ণজয়ী নীৰজ চোপ্ৰাৰ

মহানগৰীত বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ ২০০৯ চনত আৰম্ভ কৰা গুৱাহাটী পানী যোগান প্ৰকল্পটোৰ বিসংগতিপূৰ্ণ কামৰ বাবে জল সন্ত্ৰাসৰ বলি হ’বলগীয়া হৈছে মহানগৰীৰ বাসিন্দা। জাইকা আৰু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই সম্পূৰ্ণ হৈ নুঠা এই প্ৰকল্পটো এতিয়া মহানগৰীৰ লোকৰ বাবে যেন আতংকৰ কাৰণ হৈ পৰিছে।