• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজপথত সন্মান লুটিলে সতীৰ্থৰ! ক্ষোভত তাৎক্ষণিক প্ৰতিক্ৰিয়া অলিম্পিক স্বৰ্ণজয়ী নীৰজ চোপ্ৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2023 7:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে। আৰু এনে এক বিশেষ দিনত নতুন সংসদ ভৱনৰ বাহিৰত ভাইৰেল হোৱা ছবি আৰু ভিডিঅ’ দেখি বহুতে স্তম্ভিত হৈ পৰে। দেশৰ ক্ৰীড়াপ্ৰেমীসকলেও ইয়াক মানি ল’ব পৰা নাই।

মল্লযুঁজাৰুসকলে যন্তৰ মন্তৰৰ পৰা নতুন সংসদ ভৱনৰ দিশে পদযাত্ৰা কৰি সৰ্বভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল।

কিন্তু দিল্লী আৰক্ষীয়ে তেওঁলোকক টানি আজুৰি আটক কৰে। বাটটো বেৰিকেড দি বন্ধ কৰি দিয়া হয়। বিগত টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাই সেই কথা মানি ল’ব পৰা নাই। তীব্ৰ ক্ষোভ উজাৰি নীৰজে টুইট কৰে।

Apply Now

লগতে পঢ়ক: প্ৰতিবাদ শেষ হোৱা নাই, পুনৰ ঘূৰি আহিম যন্তৰ-মন্তৰলৈ: হুংকাৰ সাক্ষী মালিকৰ

এই ঘটনাক গৰিহণা দিয়ে নীৰজে। এটা চুটি টুইটযোগে তেওঁ নিজৰ মনোভাৱ প্ৰকাশ কৰে। সাক্ষী, বজৰংগ আৰু ভিনেশক গ্ৰেপ্তাৰ কৰাৰ ভিডিঅ’ পোষ্ট কৰি নীৰজে লিখিছে, ‘এয়া দেখি দুখ লাগিল। পৰিস্থিতিটো বেলেগ ধৰণে চম্ভালিব পৰা গ’লহেঁতেন৷’

ইপিনে, আৰক্ষীৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ পাছতো সাক্ষী মালিকে কয়, “আন্দোলন বন্ধ হোৱা নাই। যন্তৰ মন্তৰ চৌহদত প্ৰতিবাদ অব্যাহত থাকিব।”

यह देखकर मुझे बहुत दुख हो रहा है | There has to be a better way to deal with this. https://t.co/M2gzso4qjX

— Neeraj Chopra (@Neeraj_chopra1) May 28, 2023

উল্লেখ্য যে যোৱা ২৩ এপ্ৰিলৰ পৰা যন্তৰ মন্তৰত ব্রিজভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবীত ধর্ণাত বহি আছে দেশৰ শীর্ষ মল্লযুঁজাৰুসকলে৷ ভিনেশ ফোগাট, সাক্ষী মালিক, বজৰং পুনিয়াই যৌন নিৰ্যাতনৰ অপৰাধত শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে।

অৱশ্যে ব্ৰিজভূষণৰ বিৰুদ্ধে POCSO সহ দুটা গোচৰ ৰুজু কৰা হৈছে যদিও এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই। ইফালে কিছুদিন পূৰ্বে ভাৰতীয় মল্লযুঁজ সন্থাৰ সভাপতিগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিল। সেই পোষ্টটোত তেওঁ লিখিছিল, ‘মই নাৰ্কো টেষ্ট, পলিগ্ৰাফ টেষ্ট বা লাই ডিটেক্টৰ কৰিবলৈ ইচ্ছুক। কিন্তু মোৰ এটা চৰ্ত আছে। এই পৰীক্ষাত অৱতীৰ্ণ হ’ব ভিনেশ ফ’গাট আৰু বজৰং পুনিয়াও। যদি এই দুই মল্লযুঁজাৰুৱে পৰীক্ষা কৰিবলৈ সন্মত হয় তেন্তে সংবাদ মাধ্যমক ফোন কৰি ঘোষণা কৰক। প্ৰতিশ্ৰুতি দিছো, মই পৰীক্ষাৰ বাবে সাজু।’

লগতে পঢ়ক: গুজৰাট মডেল! মাধ্যমিক বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৫৭খন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ফেইল

ব্ৰিজভূষণে নিজক বচাবলৈ আপ্ৰাণ চেষ্টা কৰি বিষয়টো ঘোলা কৰি তুলিছে। সেইদৰে, চৰকাৰেও ব্ৰিজভূষণৰ পক্ষতে অৱস্থান কৰি কোনো পদক্ষেপ গ্ৰহণ কৰাৰ পৰা বিৰত আছে। ক্ৰীড়াপ্ৰেমীসকলৰ এটাই প্ৰশ্ন দেশৰ বাবে পদক অনা সকলৰ কথাতকৈ দেশৰ বাবে কোনো সন্মান আনিব নোৱাৰা ব্ৰিজভূষণক কিয় চৰকাৰে ৰক্ষণাবেক্ষণ দিছে?

ইপিনে, দিনে দিনে মল্লযুঁজাৰুসকলৰ আন্দোলন শক্তিশালী হৈ আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd