• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰতিবাদ শেষ হোৱা নাই, পুনৰ ঘূৰি আহিম যন্তৰ-মন্তৰলৈ: হুংকাৰ সাক্ষী মালিকৰ

আজি উদ্বোধন হৈছে নতুন সংসদ ভৱন; হত্যা কৰা হৈছে গণতন্ত্ৰক: মন্তব্য বজৰং পুনিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2023 8:26 pm
wrestlers' protest Sakshi Malik
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলিম্পিককে ধৰি আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয়েৰে এসময়ত দেশৰ সন্মান বিশ্বত উজ্জ্বলাই তোলা ভাৰতৰ তাৰকা মল্লযুঁজাৰুসকল আজি দেশৰ ভিতৰতে নিজ অধিকাৰ সাব্যস্ত কৰিবলৈ তথা ন্যায় লাভৰ যুঁজত নামি সন্মুখীন হ’বলগীয়া হ’ল এক অভাৱনীয় পৰিস্থিতিৰ।

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ সিঙৰ লগতে কেইবাগৰাকীও প্ৰশিক্ষকৰ বিৰুদ্ধে মহিলা খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত দীৰ্ঘদিন ধৰি প্ৰতিবাদ চলাই অহা তাৰকা মল্লযুঁজাৰুসকলে আজি নতুন সংসদ ভৱন অভিমুখে এক শান্তিপূৰ্ণ প্ৰতিবাদী সমদল বাহিৰ কৰে যদিও কেইবাগৰাকীও খেলুৱৈক আটক কৰে আৰক্ষীয়ে।

Apply Now

অলিম্পিক পদক বিজয়ী তাৰকা মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী মালিক আৰু ভিনেশ ফ’গাটকো সংসদ ভৱনৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে আটক কৰে। ৰাজপথলৈ ওলাই অহাটো মল্লযুঁজাৰুসকলৰ অধিকাৰ বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে এই প্ৰতিবাদক শান্তিপূৰ্ণ পদযাত্ৰা বুলি অভিহিত কৰিছিল।

আজিৰ এই অভাৱনীয় পৰিস্থিতিৰ পাছতে অলিম্পিক পদক বিজয়ী দেশৰ তাৰকা মল্লযুঁজাৰু সাক্ষী মালিকে পুনৰ প্ৰতিবাদ আৰম্ভ কৰাৰ হুংকাৰ দিছে। দিল্লী আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছতে মালিকে কয় যে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ এতিয়াও শেষ হোৱা নাই আৰু অতি সোনকালে তেওঁলোক যন্তৰ মন্তৰলৈ উভতি আহিব।

এক টুইটত সাক্ষী মালিকে কয়, “আমাৰ প্ৰতিবাদ শেষ হোৱা নাই। আমি আৰক্ষীৰ জিম্মাৰ পৰা মুকলি হৈছো আৰু পুনৰ যন্তৰ মন্তৰত আমাৰ সত্যগ্ৰহ আৰম্ভ কৰিম। এই দেশত একনায়কত্ববাদ নহয়, মহিলা মল্লযুঁজাৰুৰ সত্যগ্ৰহ হ’ব।“

সাক্ষী মালিকৰ লগতে আন এগৰাকী অলিম্পিক পদক বিজয়ী বজৰংগ পুনিয়াই প্ৰতিবাদী সমদলৰ সময়ত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। আজি নতুন সংসদ ভৱন উদ্বোধনৰ সময়তে দেশত গণতন্ত্ৰক হত্যা কৰা হৈছে বুলি মন্তব্য কৰিছিল পুনিয়াই।

উল্লেখ্য যে, আৰক্ষীয়ে আটক কৰাৰ পিছতে মল্লযুঁজাৰুসকলক বাছত উঠিবলৈ বাধ্য কৰোৱা হৈছিল আৰু বুৰাৰীৰ এটা ব্যক্তিগত ফাৰ্ম হাউচত নিৰ্মাণ কৰা অস্থায়ী কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছিল। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰস্থিত প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদী খেলুৱৈসকলে ব্যৱহাৰ কৰা বিচনা, বিচনা, কুলাৰ, ফেন আদি সামগ্ৰী আঁতৰাই পেলায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd