NORTHEAST NOW (Assamese)
অসম

উৎকট গৰম! উচ্ছেদ স্থলীতে ষ্ট্ৰ’কত আক্ৰান্ত হৈ মৃত্যু আৰক্ষী বিষয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 30, 2023 9:45 pm

মংগলবাৰে অসমৰ শোণিতপুৰ জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত উচ্ছেদ কৰ্তব্যৰত আৰক্ষী এজন উপ পৰিদৰ্শক প্ৰচণ্ড গৰমৰ বাবে প্ৰেচাৰ ষ্ট্ৰ’কত মৃত্যু হয়।

কৰ্মস্থলীত মৃত্যুক সাৱটি লোৱা আৰক্ষী উপ পৰিদৰ্শকগৰাকীৰ নাম দ্বীজেন বৰা বুলি জানিব পৰা হৈছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে আৰক্ষী বিষয়াগৰাকীয়ে উচ্ছেদ স্থলীত পৰিদৰ্শন কৰি থকাৰ সময়তে প্ৰচণ্ড গৰমৰ বাবে প্ৰেছাৰ ষ্ট্ৰ’কত আক্ৰান্ত হয়।

প্ৰেছাৰ ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ লগে লগে বিষয়াগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসাধীন অৱস্থাতে আৰক্ষী বিষয়া দ্বীজেন বৰাৰ মৃত্যু হয়।

আৰক্ষী বিষয়াগৰাকী মৰিগাঁও আৰক্ষী থানাত কৰ্মৰত আছিল যদিও যোৱা ২৮ মে’ৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অব্যাহত থকা উচ্ছেদ কাৰ্যত নিয়োজিত কৰা হৈছিল।

উল্লেখ্য যে মংগলবাৰৰ দিনটোত শোণিতপুৰ জিলাত উৎকট গৰম হৈছিল। মংগলবাৰে দিনৰ ভাগত শোণিতপুৰ জিলাত তাপমাত্ৰা ৩৩ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছিল।