NORTHEAST NOW (Assamese)
Popular Stories

অহৰহ কুটকূটনিৰ পৰা পৰিত্ৰাণ পাবলৈ পুৰুষৰ বেশত শাহুৱেকক হত্যা বোৱাৰীৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 1, 2023 2:29 pm

প্ৰায়ে নানা বিষয়ত শাহুৱেকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল বোৱাৰীগৰাকী। এনে ঝামেলাৰ পৰা ‘মুক্তি’ পাবলৈ বোৱাৰীয়েকে পুৰুষৰ বেশত শাহুৱেকক হত্যা কৰে। ইতিমধ্যে ২৮ বছৰীয়া গৃহিণী বোৱাৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

তামিলনাডুৰ তিৰুনেলভেলীত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি যোৱা সোমবাৰে অভিযুক্ত মহালক্ষ্মীয়ে ৫৮ বছৰীয়া শীতলাক্ষ্মীক কঠিন পাইপেৰে আক্ৰমণ কৰে। সেই সময়ত মহালক্ষ্মীয়ে নিজৰ পৰিচয় লুকুৱাবলৈ পুৰুষৰ কাপোৰ আৰু হেলমেট পিন্ধিছিল।

লগতে পঢ়ক: মদ খাই কুঁৱাত পৰিল মদাহী ; তিনিঘণ্টাৰ পিছত উদ্ধাৰ কৰিলে আৰক্ষীয়ে

আনকি হত্যাকাণ্ডৰ পিছত জেৰাৰ সময়তো তেওঁ মিছা কথা কৈ আৰক্ষীৰ তদন্তক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। প্ৰথম অৱস্থাত তেওঁ আৰক্ষীক জনাইছিল যে শাহুৱেক শীতলাক্ষ্মীৰ পৰা সোণৰ হাৰ কাঢ়ি নিয়াৰ উদ্দেশ্যেৰে এজন লোকে তেওঁক আক্ৰমণ কৰিছিল। অৱশ্যে শেষত অভিযুক্ত গৃহিণীগৰাকীয়ে আৰক্ষীৰ চকুত ধূলি দিব নোৱাৰিলে।

আৰক্ষীৰ মতে, যোৱা সোমবাৰে পুৱা প্ৰায় ৫ বজাত গোহালিৰ পৰা কাম সামৰি উভতি অহা শীতলাক্ষ্মীৰ স্বামীয়ে পত্নীক ৰক্তাক্ত অৱস্থাত মাটিত পৰি থকা দেখে। লগে লগে তেওঁ চিঞৰি উঠে। মহালক্ষ্মীয়ে তেওঁৰ চিঞৰত লৰালৰিকৈ দৌৰি আহে। ওচৰ-চুবুৰীয়াও সেই স্থানত উপস্থিত হয়।

তেওঁলোকৰ সন্মুখত মহালক্ষ্মীয়ে দাবী কৰিছিল যে কোনোবাই তেওঁৰ শাহুৱেকৰ হাৰ চুৰি কৰিবলৈ তেওঁক আক্ৰমণ কৰিছিল। আহত শীতলাক্ষ্মীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তাতেই তেওঁৰ মৃত্যু হয়।

লগতে পঢ়ক: চীনৰ আজৱ কাণ্ড! ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনে। কিন্তু কিয়?

চুবুৰীয়াই দাবী কৰিছে যে বিয়াৰ পিছত শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজত নিয়মীয়াকৈ কাজিয়া হৈছিল। সম্পত্তিকলৈ চলিছিল কাজিয়া। ঘটনাৰ তদন্ত কৰি অভিযুক্ত মহালক্ষ্মীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁৰ ঠিকনা বৰ্তমান কোকিৰাকুলামৰ কাৰাগাৰত।