NORTHEAST NOW (Assamese)
Popular Stories

আকৌ সাংবাদিকৰ ওপৰত আক্ৰমণ দুৰ্বৃত্ত : অসমত নিৰাপত্তা নাই সাংবাদিকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 4, 2023 9:45 am

অসমত আকৌ সংঘটিত হৈছে সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা। শনিবাৰে বঙাইগাঁও জিলাৰ এগৰাকী সাংবাদিকৰ বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণ কৰে দুৰ্বৃত্তৰ দল ।

বঙাইগাঁৱৰ পশ্চিম কলনী এলেকাত ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী সাংবাদিকগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি সাংবাদিকগৰাকীৰ লগতে তেখেতৰ পৰিয়ালৰ লোককো আক্ৰমণৰ লক্ষ্য কৰি লয় দুৰ্বৃত্তৰ দলে।

জানিব পৰা মতে ভাৰত পাছৱান নামৰ সাংবাদিকগৰাকীয়ে ৰে’লৱে বিভাগৰ এক নিৰ্মাণ কাৰ্যত সংঘটিত যোৱা দুৰ্নীতিৰ বিষয়ে ৰে’ল বিভাগক তথ্য প্ৰদান কৰিছিল।

লগতে পঢ়কঃ ‘মুছলমান মহিলা সন্তান জন্ম দিয়াৰ কাৰাখানা’ – অশালীন মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল আৰ এছ এছ নেতা

অভিযোগ অনুসৰি ৰে’ল বিভাগৰ অধীনত এটা পথ নিৰ্মাণৰ ঠিকাদাৰৰ দায়িত্বত থকা সুকুমাৰ দেৱ নাথ নামৰ ব্যক্তিজনৰ অধীনত এই দুৰ্নীতি সংঘটিত হৈছিল।

সাংবাদিকগৰাকীয়ে অভিযোগ কৰে যে সুকুমাৰ দেৱ নাথ নামৰ ঠিকাদাৰ গৰাকীৰ দুৰ্নীতিৰ সন্দৰ্ভত ৰে’ল বিভাগক অৱগত কৰাৰ বাবেই তেওঁক আক্ৰমণ কৰিবলৈ গুণ্ডাবাহিনী প্ৰেৰণ কৰা হৈছিল।

জানিব পৰা মতে ভুক্তভোগী সাংবাদিক গৰাকীয়ে বৰ্তমান বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়কঃ মহিলাগৰাকী মাংগলিক নেকি জানিব বিচাৰিছিল উচ্চ ন্যায়ালয়ে; হস্তক্ষেপ উচ্চতম ন্যায়ালয়ৰ!