NORTHEAST NOW (Assamese)
Popular Stories

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 5, 2023 9:16 am

দেওবাৰে তিনিচুকীয়াত সংহটিত হৈছে এক ভয়ানক ঘটনা। তিনিচুকীয়াৰ এজন ব্যক্তিয়ে দাৰে ঘপিয়াই নিজ পুত্ৰৰ পত্বী তথা নিজৰ বোৱাৰীয়েৰ এখন হাত দুটুকুৰা কৰে।

খবৰ অনুসৰি স্থানীয় ৰাইজে চিঞৰ আৰু কান্দোন শুনি সেই স্থানত উপস্থিত হৈ ততাতৈয়াকৈ মহিলাগৰাকীক সংকটজনক অৱস্থাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যায়। তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰি তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনাৰ পিছতে সেই স্থানত উপস্থিত হোৱা এজন স্থানীয় লোকে জনোৱা মতে, তেওঁৰ স্বামীৰ পৰা ফোন আহিছিল যে তেওঁৰ পিতৃয়ে তেওঁৰ পত্নীক দাৰে  আক্ৰমণ কৰিছিল। তথ্য লাভ কৰাৰ পিছতেই স্থানীয় ব্যক্তিগৰাকী ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়।

লগতে পঢ়কঃ ‘যমুনা জিয়ে অভিযান’ ৰ মূল হোতা পৰিৱেশকৰ্মী মনোজ মিশ্ৰৰ মৃত্যু

অপৰাধ সংঘটিত কৰাৰ পিছতে হৰিন্দৰ প্ৰসাদ নামৰ অভিযুক্তই তিনিচুকীয়া আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰি আক্ৰমণত ব্যৱহৃত দাখন গতাই দিয়ে। 

ইতিমধ্যে হৰিন্দৰ প্ৰসাদক গ্ৰেপ্তাৰ কৰি হত্যাৰ চেষ্টাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে।

সূত্ৰই জনোৱা মতে,  ঘটনাৰ এদিন পূৰ্বে অভিযুক্তই পুত্ৰ আৰু বোৱাৰীৰ বিৰুদ্ধে চিচিটিভি কেমেৰা লগোৱাৰ অনুমতি নিদিয়া বুলি অভিযোগ দাখিল কৰিবলৈ আৰক্ষীৰ কাষ চাপিছিল। চিচিটিভি কেমেৰা স্থাপনক লৈ তেওঁলোকৰ মাজত হুলস্থুল হোৱা বুলি জানিব পৰা গৈছে।

অৱশ্যে তেওঁৰ ভয়ংকৰ এই কাৰ্য্যৰ আঁৰৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।  বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়কঃ আম্বেদকাৰৰ জন্ম জয়ন্তী উদযাপনৰ দোষ! দলিত যুৱকক হত্যা, ৭ অভিযুক্তক গ্ৰেপ্তাৰ