NORTHEAST NOW (Assamese)
Popular Stories

ওদালগুৰিত একেটা কুঁৱাতে পৰি ২৪ ঘন্টাত মৃত্যুক সাৱটি ল’লে দুটাকৈ হাতী পোৱালীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 8, 2023 1:25 pm

বৃহস্পতিবাৰে পুৱা বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নৰ অন্তৰ্গত ওদালগুৰি জিলাত কুঁৱাত পৰি মৃত্যু হয় এটা হাতী পোৱালিৰ।

সূত্ৰ অনুসৰি হাতী পোৱালিটোৱে জাকটোৰ সৈতে খাদ্যৰ সন্ধানত জংঘলৰ পৰা আঁতৰি গৈছিল। উভতি আহোঁতে পোৱালিটোৱে এটা কুঁৱা দেখা পাই তাৰ পৰা পানী খাবলৈ চেষ্টা কৰিলে যদিও কুঁৱাটোত পিছলি পৰে।

জিলাখনৰ বদলাপাৰা চাহ বাগিচাৰ সমীপত এই ঘটনা সংঘটিত হয়।

স্থানীয় লোকে হাতী পোৱালিটোৰ মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে বন কৰ্তৃপক্ষক অৱগত কৰে। কৰ্তৃপক্ষই বহু কষ্টৰ অন্তত মৃতদেহটো কুঁৱাৰ পৰা উলিয়াই আনিবলৈ সক্ষময়।

উল্লেখযোগ্য যে একেটা অঞ্চলতে ২৪ ঘন্টাৰ ভিতৰত সংঘটিত হোৱা এয়া দ্বিতীয়টো এনে ঘটনা। বুধবাৰে পুৱাও আন এটা হাতী পোৱালিয়ে কুঁৱাটোত পানী খাবলৈ গৈ পিছলি পৰি মৃত্যুক আঁকোৱালি লৈছিল।

পোৱালিটোৰ কৰুণ মৃত্যুত শোক প্ৰকাশ কৰি গাঁওবাসীয়ে কয় যে খাদ্য আৰু পানীৰ সন্ধানত বনৰীয়া হাতীৰ জাকটোৱে প্ৰায়ে অৰণ্যৰ সেই অঞ্চলটোলৈ আহে।