NORTHEAST NOW (Assamese)
অসম

মধ্যবিত্তৰ বাবে সকাহ! ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিলে RBI-য়ে; বৃদ্ধি নাপায় ঋণৰ সুত

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী June 8, 2023 2:35 pm

ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI)ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে বৃহস্পতিবাৰে কয় যে ৰেপো ৰেট ৬.৫ শতাংশই থাকিব। ৰিজাৰ্ভ বেংকৰ বিত্তীয় নীতি নিৰ্দ্ধাৰক সমিতিয়ে বৃহস্পতিবাৰে সৰ্বসন্মতিক্ৰমে সদ্যহতে ৰেপো ৰেট বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ৰিজাৰ্ভ বেংকৰ এক সূত্ৰই কয় যে ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ কাৰণ হ’ল দেশৰ খুচুৰা মুদ্ৰাস্ফীতি বহু পৰিমাণে ৰোধ কৰা হৈছে। কিন্তু সামগ্ৰিকভাৱে মুদ্ৰাস্ফীতিৰ হাৰ এতিয়াও লক্ষ্যতকৈ বহু বেছি। দেশৰ শীৰ্ষ বেংকটোৰ মতে চলিত বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ ৫.১ শতাংশ হ’ব পাৰে।

লগতে পঢ়ক: শোষণৰ চূড়ান্ত পৰ্যায় : শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে মহানগৰ পৌৰ নিগমে

এই সন্দৰ্ভত আৰবিআইৰ গৱৰ্ণৰ শক্তিকান্তই কয়, ‘আমাৰ হিচাপ অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ ৪ শতাংশৰ ওপৰত হ’ব। অৱশ্যে মাৰ্চ-এপ্ৰিল মাহত মুদ্ৰাস্ফীতিৰ হাৰ ৬.৭ শতাংশলৈ বৃদ্ধি পাইছিল যদিও সেয়া বহু পৰিমাণে হ্ৰাস কৰিব পৰা গৈছে। এনে পৰিস্থিতিত আৰ বি আইয়ে ৰেপো ৰেট বৃদ্ধি কৰি বজাৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব নিবিচাৰে।

ৰিজাৰ্ভ বেংকে যোৱা বছৰৰ মে’ মাহৰ পৰা ক্ৰমান্বয়ে ২৫০ বেচিছ পইণ্টেৰে ৰেপ’ ৰেট বৃদ্ধি কৰিছে। এপ্ৰিল মাহত বেংক কৰ্তৃপক্ষই ৰেপো ৰেট ৬.৫ শতাংশ ৰখাৰ সিদ্ধান্ত লৈছিল। ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ ফলস্বৰূপে গৃহ ঋণ, গাড়ীৰ ঋণ আৰু অন্যান্য ঋণৰ সুতৰ হাৰ অপৰিৱৰ্তিত হৈ আছে। ইয়াৰ ফলত মধ্যবিত্ত শ্ৰেণীয়ে কিছু সকাহ পাব।

লগতে পঢ়ক: মৰ্মান্তিক! গণেশগুৰিত ৰয়েল গ্ল’বেলৰ বাছৰ খুন্দাত কৰুণ মৃত্যু একাদশ শ্ৰেণীৰ ছাত্ৰীৰ

আৰ বি আইয়ে আন বেংকসমূহক ৰেপো ৰেটৰ হাৰতেই ঋণ দিয়ে। বেংকে ঋণৰ মাহেকীয়া কিস্তিৰ হাৰো বৃদ্ধি কৰে যেতিয়া ৰেপো ৰেট বৃদ্ধি পায়। ৰেপো হাৰ অপৰিৱৰ্তিত ৰখাৰ উপৰিও ৰিজাৰ্ভ বেংকে কয় যে ২০২২-২৩ চনত দেশৰ জিডিপি বৃদ্ধিৰ হাৰ ৭.২ শতাংশ হ’ব পাৰে। ইয়াৰ পূৰ্বে দেশৰ শীৰ্ষ বেংকটোৱে এই হাৰ ৭ শতাংশ হ’ব বুলি অনুমান কৰিছিল।