NORTHEAST NOW (Assamese)
Popular Stories

অনুষ্টুপীয়াকৈ কন্যাক বিয়া দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে; দৰা প্ৰধানমন্ত্ৰী মোডীৰ ঘনিষ্ঠ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী June 9, 2023 12:01 pm

বিবাহ বন্ধনত আৱদ্ধ হ’ল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কন্যা পাৰকালা ভাংগময়ী। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এজন গুৰুত্বপূৰ্ণ বিষয়া প্ৰতীক দোশীৰ সৈতে বিবাহপাশত আবদ্ধ হয় সীতাৰমণৰ কন্যা। বৃহস্পতিবাৰে তেওঁলোকৰ বিবাহ অনুষ্ঠানটো অতি ঘৰুৱাভাৱে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল।

দেশৰ বিত্তমন্ত্ৰীৰ কন্যাৰ বিয়া হ’লেও অতিথি তালিকাত নাছিল কোনো ৰাজনীতিবিদ। বেংগালুৰুৰ এখন হোটেলত সম্পন্ন হয় দুয়োৰে বিবাহ। পাৰকালা-প্ৰতীকৰ বিবাহ বৈদিক পদ্ধতিৰে সম্পন্ন হয়।

লগতে পঢ়ক: পুনৰ ওড়িশা! দুৰ্গ-পুৰী এক্সপ্ৰেছত জুই; কথমপি এক ডাঙৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰিল যাত্ৰাবাহী ৰে’ল

প্ৰতীক দোশী  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ বুলি পৰিচিত। গুজৰাটৰ পৰা অহা প্ৰতীকে ছিংগাপুৰ মেনেজমেণ্ট স্কুলৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তাৰ পিছত গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত গৱেষণা সহায়ক হিচাপে কাম কৰিছিল। সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল মোডী। তেতিয়াৰ পৰাই এইগৰাকী বিষয়া মোডীৰ অন্যতম প্ৰিয় হৈ পৰিছে।

২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰতীকক দিল্লীলৈ লৈ আহিছিল মোডীয়ে। প্ৰতীকে ৰিচাৰ্ছ এণ্ড ষ্ট্ৰেটেজি বিভাগৰ বিষয়া হিচাপে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত যোগদান কৰে। ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰতীক দোশীক পদোন্নতি দিয়া হৈছিল। তেওঁক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অ’এছডি অৰ্থাৎ বিশেষ কৰ্তব্যৰত বিষয়াৰ পদ দিয়া হৈছিল। এই পদটো গুৰুত্বৰ ফালৰ পৰা যুটীয়া সচিবৰ সমতুল্য।

লগতে পঢ়ক: দেশৰ ১২৫ তম শীৰ্ষ স্থানত জি চি ইউ-ৰ অধীনস্থ গিৰিজানন্দ চৌধুৰী ইনষ্টটিউট অৱ ফাৰ্মাচিউটিকেল চাইঞ্চ

আনহাতে, বিত্তমন্ত্ৰীৰ কন্যা হোৱাৰ পিছতো পাৰকালাক ৰাজনৈতিক ক্ষেত্ৰখনত তেনেদৰে দেখা পোৱা নগ’ল। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ সাংবাদিকতাৰ ডিগ্ৰী লাভ কৰে। বৰ্তমান মিণ্ট লাউঞ্জত ফিচাৰ ৰাইটাৰ হিচাপে কাম কৰি আছে। ইয়াৰ আগতে তেওঁ হিন্দু কাকততো কাম কৰিছিল।

বিয়াৰ দিনা কইনাই গোলাপী ৰঙৰ শাৰী পিন্ধিছিল। কিন্তু বিত্তমন্ত্রীৰ কন্যা আৰু প্রধানমন্ত্রীৰ কার্যালয়ৰ বিষয়াৰ বিয়া হ’লেও অনুষ্ঠানত কোনো ৰাজনৈতিক ব্যক্তিক দেখা পোৱা নগ’ল৷