NORTHEAST NOW (Assamese)
Popular Stories

মালিগাঁৱত নিৰ্মীয়মান উৰণ সেঁতুৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 14, 2023 1:54 pm

মুখ্যমন্ত্ৰী ড” হিমন্ত বিশ্ব শমাই আজি মালিগাঁৱত নিৰ্মীয়মান উৰণ সেঁতুত সংঘটিত দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে দুৰ্ঘটনাত আহত শ্রমিক দুজনৰ অৱস্থাৰ বুজ লয়।

উল্লেখ্য যে দুৰ্ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে মুখ্যমন্ত্ৰীয়ে আজি তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে দুৰ্ভাগ্যজনকভাৱে আহত হোৱা শ্রমিক দুজনক ভৰ্তি কৰা চিকিৎসালয়খনলৈ গৈ চিকিৎসকসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ চিকিৎসকসকলক আহত শ্রমিক দুজনক উপযুক্ত চিকিৎসা প্রদান কৰিবলৈ কয়। মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খনত উপস্থিত আহত শ্রমিক দুজনৰ পৰিয়ালৰ লোককো সাক্ষাৎ কৰে।

মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয়। এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু উপায়ুক্ত পল্পৰ গোপাল বাৰ সৈতেও আলোচনা কৰি তেওঁ কয় যে ৰাইজৰ সামগ্ৰিক সুৰক্ষাৰ বাবে যি পথত উৰণ সেঁতু নিৰ্মাণ কৰা হৈছে তাৰ যিকোনো এটা ফালৰ পৰা নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ যাতায়াতৰ বাবে বন্ধ থাকিব। তেওঁ লগতে কয় যে ৰাইজৰ সুবিধাৰ্থে যাতায়াত ব্যৱস্থাপনাৰ পৰিকল্পনা প্রস্তুত কৰা হ’’ব। মুখ্যমন্ত্ৰীয়ে কয় যে যিহেতু উৰণ সেঁতুখন সম্পূৰ্ণ হোৱাৰ শেষ পৰ্যায়ত আছে সেয়েহে চৰকাৰে সকলোৰে সুবিধাৰ বাবে যিমান পাৰি সোনকালে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ যৎপৰোনাস্তি প্রচেষ্টা অব্যাহত ৰাখিছে।