NORTHEAST NOW (Assamese)
Popular Stories

সীতাৰ জন্মস্থানক লৈ আপত্তি, ‘আদিপুৰুষ’ নিষিদ্ধ কৰাৰ দাবী; প্ৰদৰ্শনী বাতিল নেপালত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 17, 2023 7:30 am

শুকুৰবাৰে (১৬ জুন) মুক্তি লাভ কৰিছে  প্ৰভাস, কৃতি শ্বেনন অভিনীত ছবি ‘আদিপুৰুষ’। ছবিখনৰ প্ৰথম ট্ৰেইলাৰ মুক্তি পোৱাৰ পৰাই ছবিখনক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছিল। বহুতে এই ছবিখনে ধৰ্মীয় আৱেগক আঘাত কৰা বুলি দোহাই দি বিৰোধিতা কৰিছিল। সেই বিতৰ্ক বহু গভীৰলৈ যায়। কিন্তু সেই সকলোবোৰ বিতৰ্ক ছবিখন মুক্তিৰ পূৰ্বেই নিষ্পত্তি হৈছিল।

কিন্তু মুক্তি লাভৰ পিছত পুনৰ বিতৰ্কত সোমাই পৰিছে  ওম ৰাউতৰ পৰিচালনাত নিৰ্মিত এই ছবিখন। অৱশ্যে এইবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। কাঠমাণ্ডু মহানগৰীৰ মেয়ৰ বলেন্দ্ৰ শ্বাহে সেই দেশৰ ৰাজধানীত এই ছবিখন নিষিদ্ধ কৰিবলৈ দাবী জনাইছে। বিৰোধিতাৰ বাবে মুক্তিৰ দিনা মৰ্নিং শ্ব’ বাতিল কৰা হয়।কিন্তু চুবুৰীয়া ৰাষ্ট্ৰখনৰ কি বিষয়ত আপত্তি ?

আপত্তিৰ কেন্দ্ৰবিন্দু হৈছে ছবিখনৰ এটা সংলাপ। জানকীৰ ৰূপত কৃতিৰ মুখত সংলাপ, “জানকী যি ভাৰতৰ কন্যা”। ইয়াতেই হেনো আপত্তি নেপালৰ জনসাধাৰণৰ।

কাঠমাণ্ডুৰ মেয়ৰ বলেন্দ্ৰ শ্বাহে ছবিখনৰ পৰা সংলাপটো সলনি কৰিবলৈ দাবী জনায়। অন্যথা হিন্দী ছবিখন নেপালত দেখুৱাবলৈ দিয়া নহ’ব। কাঠমাণ্ডু মহানগৰীৰ মেয়ৰে তিনিদিনৰ সময় দিছে। সেই তিনিদিনৰ ভিতৰতে সংলাপটো সলনি কৰিব লাগিব বুলি দাবী কৰিছে।

সীতাৰ জন্মস্থানৰ বিভ্ৰান্তি তৎক্ষণাত বন্ধ কৰিব লাগিব। নেপালৰ জনসাধাৰণৰ মতে মহাকাব্য ৰামায়ণ অনুসৰি সীতাৰ জন্ম নেপালৰ জনকপুৰত। ৰামচন্দ্ৰ তালৈ গৈছিল সীতাক বিবাহ কৰাবলৈ। এই ঘটনাৰ পিছত এতিয়া নেপালত আদিপুৰুষ ছবিখনৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে।