NORTHEAST NOW (Assamese)
অসম

সংকটত ৰাছিয়া! পুটিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি দিলে বিদ্ৰোহী ৱেগনাৰ বাহিনীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 24, 2023 2:16 pm

ৰাছিয়াত সেনা অভ্যুত্থান। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ৱেগনাৰ বাহিনীয়ে। এই বিদ্ৰোহী সেনাই ৰাছিয়াৰ কেইবাখনো চহৰৰ দিশে আগবাঢ়িছে। শনিবাৰে মস্কোৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ভাড়াতীয়া ৱেগনাৰ  বাহিনীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনে।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সেনা প্ৰধানসকলক ভাবুকি দি তেওঁ কয় যে ‘’দেশখনৰ বৰ্তমানৰ সেনা প্ৰধানসকলক উচ্ছেদ নকৰালৈকে মই ৰৈ নাথাকো। আমাৰ বাটত যিয়ে আহিব ধ্বংস হ’ব।‘’

লগতে পঢ়ক: বিমানত ‘হাইজেকিং’ৰ আলোচনা! বিমান পৰিচাৰিকাৰ অভিযোগত গ্ৰেপ্তাৰ দিল্লী অভিমুখী যাত্ৰী

ইতিমধ্যে ৱেগনাৰ বাহিনী দক্ষিণ ৰাছিয়াৰ ৰুষ্টভত প্ৰৱেশ কৰিছে। মস্কোৰ দিশে তেওঁলোক আগবাঢ়িছে। এই ঘটনাত ৰাছিয়াৰ বিষয়াসকলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেইবাখনো চহৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

ৰাজধানী মস্কোৰ দক্ষিণে অৱস্থিত লিপেটস্ক প্ৰদেশৰ গৱৰ্ণৰ ইগ’ৰ আৰ্টামোনভে কৈছে, ‘’ইয়াত নিৰাপত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।‘’ স্থানীয় কৰ্তৃপক্ষই ৰুষ্ট’ভৰ বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে ৱেগনাৰে পুটিনৰ নিৰ্দেশত ইউক্ৰেইনত যুঁজিছে। কিন্তু ৰাছিয়াৰ সেনা আৰু ৱেগনাৰ বাহিনীৰ মাজত দীৰ্ঘদিন ধৰি আন এখন যুঁজ চলি আহিছে। যোৱা শুকুৰবাৰে য়েভগেনী প্ৰিগোজিনে দাবী কৰিছিল যে ৰাছিয়াৰ সেনাই তেওঁৰ সৈন্যৰ ওপৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছিল।

লগতে পঢ়ক: সীমাৰ পৰিধি ভাঙি ঘৃণাৰ বাণী! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘হুছেইন অ’বামা’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া

ইপিনে, ৰাছিয়াৰ তদন্তকাৰী সংস্থা এফ এছ বিয়ে প্ৰিগোজিনৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহৰ গোচৰ ৰুজু কৰিছে। মস্কোলৈ যোৱা পথত সুসজ্জিত গাড়ীৰে টহল দি আছে বাহিনী। সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।