• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিমানত ‘হাইজেকিং’ৰ আলোচনা! বিমান পৰিচাৰিকাৰ অভিযোগত গ্ৰেপ্তাৰ দিল্লী অভিমুখী যাত্ৰী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 24, 2023 1:17 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আটাইবোৰ যাত্ৰী বিমানত উঠিল। হেণ্ড বেগ ওপৰত তুলি দি নিজ নিজৰ চিটত বহিল। বিমান পৰিচাৰিকাই ঘোষণা কৰিলে সকলো নিয়ম। কিন্তু উৰণৰ ঠিক আগতে ফোনত ‘হাইজেকিং’ৰ আলোচনাত ব্যস্ত হৈ পৰিল এজন যাত্ৰী। যিটো শুনি সহযাত্ৰীসকলৰ স্তম্ভিত হৈ পৰে। সেই যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়।

মুম্বাই বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা। বৃহস্পতিবাৰে দিল্লী অভিমুখী ভিস্তাৰা বিমানত সংঘটিত হয় এই ঘটনা। সংশ্লিষ্ট বিমান সংস্থাৰ সূত্ৰৰ মতে, বিমানখন উৰণৰ পূৰ্বে এজন যাত্ৰীয়ে ফোনত ‘হাইজেকিং’ৰ বিষয়ে আলোচনা কৰি আছিল। বিমান পৰিচাৰিকাগৰাকীৰ লগতে আন কেইবাজনো যাত্ৰীয়ে এই কথা শুনিলে। ইয়াৰ পিছতে ব্যক্তিজনৰ বিৰুদ্ধে কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰা হয়।

লগতে পঢ়ক: ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰিব পাৰে অসমৰ জহা চাউলে! কি ক’লে গৱেষণাই?

Apply Now

সন্ধিয়া মুম্বাইৰ ছত্রপতি শিৱাজী বিমানবন্দৰত ভিষ্টাৰাৰ এখন বিমানত যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছিল। পটভূমিত এজন যাত্ৰীৰ ফোনত ‘হেকিং’ৰ ওপৰত আলোচনা। যাত্ৰীজনে ঠিক কি ক’লে? ফ্লাইট এটেণ্ডেণ্টৰ সৈতে যাত্ৰীসকলে ফোনত যাত্ৰীজনে কোৱা শুনিলে- ‘’আহমেদাবাদলৈ যোৱা বিমানখন অৱতৰণ কৰিবলৈ ওলাইছে। কিবা সমস্যা হ’লে মোক ফোন কৰিব।” তেওঁ লগতে ক’লে, ‘হাইজেকৰ সকলো পৰিকল্পনা আছে। চিন্তা নকৰিব, সকলো ব্যৱস্থা আছে।’

সহযাত্ৰীৰ কথা-বতৰা শুনি দুই এজন যাত্ৰীয়ে আসন এৰি থিয় হ’ল। ইয়াৰ পিছতে বিমান পৰিচাৰিকাই নিৰাপত্তাৰক্ষীক ফোন কৰি যাত্ৰীজনক কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীক গতাই দিয়ে। সামগ্ৰিকভাৱে বিমানখন যথেষ্ট দেৰিকৈ উৰা মাৰে।

ৰিতেশ জুনেহা নামৰ এজন যাত্ৰীয়ে সংঘটিত কৰিছে এই অদ্ভুত ঘটনা। বিমানত ‘হাইজেকিং’ৰ কথা কোৱাটো ভয়ংকৰ। কিন্তু তেওঁ এই বিষয়ে কিয় আলোচনা কৰি আছিল? আৰক্ষীয়ে জনোৱা মতে, ৰিতেশ মানসিকভাৱে অসুস্থ। আনকি তেওঁৰ চিকিৎসাও ২০২১ চনৰ পৰা চলি আছে। গতিকে আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা যে তেওঁ হয়তো একো নজনাকৈয়ে ‘হাইজেকিং’ৰ আলোচনা কৰি আছিল।

লগতে পঢ়ক: দাড়ি দীঘল নকৰি বিয়া পাতক; ৫৩ বছৰীয়া ৰাহুলক লালুৱে ক’লে, এতিয়াও সময় আছে

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে প্ৰায় একেধৰণৰ ঘটনা সংঘটিত হৈছিল এই মুম্বাই বিমানবন্দৰতে। কলকাতালৈ যোৱা এখন বিমানত থকা এজন যাত্ৰীয়ে হঠাতে তেওঁৰ বেগত বোমা থকা বুলি দাবী কৰিছিল। অৱশেষত আৰক্ষীয়ে মহিলা যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে। তেওঁৰ বেগটো তালাচী কৰা হৈছিল যদিও কোনো বোমা পোৱা নগ’ল। তাৰ এমাহৰ পাছতে এজন যাত্ৰীৰ ‘হাইজেক’ৰ আলোচনাক কেন্দ্ৰ কৰি আন এক ঘটনা সংঘটিত হ’ল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

July 3, 2026 6:24 pm
বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

July 3, 2026 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

July 3, 2026 6:24 pm
বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd