• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দাড়ি দীঘল নকৰি বিয়া পাতক; ৫৩ বছৰীয়া ৰাহুলক লালুৱে ক’লে, এতিয়াও সময় আছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2023 8:43 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে বিহাৰৰ পাটনাত বিৰোধী মিত্ৰজোঁটৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত এখন সংবাদমেলত লালুপ্ৰসাদ যাদৱে প্ৰাক্তন কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক কয় যে এতিয়াও বিয়াৰ সময় পাৰ হোৱা নাই। কেবল দাড়ি দীঘল নকৰি সোনকালে বিয়াখন পাতক। যেতিয়াই মাতৃ ছোনিয়া গান্ধীক লগ পায় তেতিয়াই মাতৃ ছোনিয়া গান্ধীয়ে অভিযোগ কৰে যে ৰাহুলে একেবাৰে কথা শুনিব নিবিচাৰে। লালুহঁতেই যেন ৫৩ বছৰীয়া ৰাহুলক বিয়া পাতিবলৈ কয়। আন নেতাসকলে সেই কথা শুনি হাঁহি ৰখাব নোৱাৰিলে। ইফালে ৰাহুলকো কিবা এটা কোৱা দেখা গৈছিল। কিন্তু তেওঁ কি কৈছিল সেই কথা শুনা যোৱা নাছিল।

শুকুৰবাৰে পাটনাত কেইবাটাও বিৰোধী দলৰ নেতাই লোকসভা নিৰ্বাচনৰ কৌশল নিৰ্ধাৰণ কৰি মিত্ৰতাৰে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এক বৈঠকত মিলিত হৈছিল। বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰ, আৰজেডিৰ লালু প্ৰসাদ যাদৱ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী, চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদম পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেকে ধৰি বিৰোধী দলৰ অন্যান্য নেতা উপ স্থিত থাকে।

সেই বৈঠকৰ শেষত বিৰোধী নেতাসকলে যৌথভাৱে এখন সংবাদমেল অনুষ্ঠিত কৰে। পাটনাৰ সেই সংবাদমেলতে লালুৱে ৰাহুলক বিয়াৰ পৰামৰ্শ দিয়ে। লালু সদায় এগৰাকী ধেমেলীয়া ৰাজনীতিবিদ হিচাপে পৰিচিত হৈ আহিছে। সংসদত ৰে’ল বাজেট দাখিল কৰাৰ সময়তো সেই সময়ৰ কেইবাটাও ভিডিঅ’ এতিয়াও ছ’চিয়েল মিডিয়াত অতি জনপ্ৰিয়। কেতিয়াবা হাঁহি বন্ধ কৰিব নোৱাৰা ধৰণৰ কথাবোৰ কৈছিল। শুকুৰবাৰেও ইয়াৰ ব্যতিক্ৰম নাছিল। লালুৰ কথা শুনি বিৰোধী নেতাসকলে হাঁহি বন্ধ কৰিব নোৱাৰিলে। সাংবাদিকসকলেও হাঁহিলে।

Apply Now

#WATCH | "You didn't listen to my advice earlier. You should have married. It is not too late even today. You must get married," says RJD leader Lalu Yadav to Rahul Gandhi during opposition leaders' press meet in Patna pic.twitter.com/T4HomIpZo5

— ANI (@ANI) June 23, 2023

অৱশ্যে এই ধেমালিৰ অন্তত ৰাহুলে অতি স্পষ্টভাৱে কয় যে অহা বছৰৰ লোকসভা নিৰ্বাচনত বিৰোধীয়ে একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব। কোন ৰাজ্যত কোনটো দলে যুঁজিব, কি অংক অনুসৰণ কৰি আগবাঢ়ি যোৱা হ’ব  সেই সবিশেষ আলোচনাৰ বাবে অহা মাহত হিমাচল প্ৰদেশৰ শিমলাত বিৰোধীয়ে এক বৈঠকত মিলিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd