এটিএম চুৰি কৰি আৰক্ষীৰ জালত তিনি বাংলাদেশী নাগৰিক: উদ্ধাৰ হ’ল চুৰি এটিএমো

জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত বেংকৰ এটিএম চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে তিনিগৰাকী বাংলাদেশী নাগৰিক। দুমাহতকৈ অধিক দিন পূৰ্বে সংঘটিত এটিএম চুৰি কাণ্ডৰ তদন্তৰ পৰিণতিত আৰক্ষীৰ জালত ধৰা পৰিছে এই বাংলাদেশী নাগৰিক তিনিগৰাকী।
আৰক্ষীয়ে লগতে এখন ফলৰ বাগিচাৰ পৰা উদ্ধাৰ কৰিছে চুৰি হোৱা এটিএমটো। প্ৰকাশিত খবৰ অনুসৰি, যোৱা ৮ এপ্ৰিলত পুলৱামাৰ জম্মু-কাশ্মীৰ বেংকৰ পৰা ধৃত তিনি ব্যক্তিয়ে এই এটিএমটো চুৰি কৰি লৈ গৈছিল।
অৱশেষত কালি জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে অভিযুক্ত চোৰৰ দলটোক বিচাৰি উলিয়াবলৈ সক্ষম হয়। এই সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, তদন্তৰ সময়ত আৰক্ষীয়ে ডিজিটেল তথ্য প্ৰমাণ সংগ্ৰহ তথা পৰীক্ষা কৰিছিল।
সংগ্ৰহিত প্ৰমাণৰ নিখুঁত তদন্তৰ উপৰিও সন্দেহযুক্ত লোকৰ ধাৰাবাহিক পৰীক্ষাৰ ফলত বাংলাদেশৰ পৰা অহা আন্তঃৰাষ্ট্ৰীয় চোৰৰ দলটোক চিনাক্ত কৰা হয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে সদৰী কৰে।
অভিযুক্ত বাংলাদেশী নাগৰিক তিনিগৰাকীক সুমন মাল, ফাৰুক আহমদ আলী আৰু মহম্মদ ইব্ৰাহিম বুলি চিনাক্ত কৰা হৈছে। তদন্তৰ সময়ত তিনিও অপৰাধ স্বীকাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীয়ে সদৰী কৰা মতে, তিনিও অভিযুক্তৰ ভাষ্যৰ ভিত্তিত ডোগাম কাকাপোৰা চহৰৰ এখন ফলৰ বাগিচাত অনুসন্ধান চলোৱা হয় আৰু গাঁতৰ পেলাই থোৱা অৱস্থাত চুৰি হোৱা এটিএম মেচিনটো উদ্ধাৰ কৰা হয়।
লক্ষণীয়ভাৱে জেৰাৰ সময়ত চোৰৰ দলটোৱে বিগত বৰ্ষসমূহত আন আন অঞ্চলতো এনেদৰে এটিএম চুৰি কৰাৰ কথা স্বীকাৰ কৰিছে বুলিও আৰক্ষীয়ে জানিবলৈ দিছে।