NORTHEAST NOW (Assamese)
Popular Stories

আঘাত অতীত, ডাইমণ্ড লীগত স্বৰ্ণ জয়েৰে পুনৰ ছন্দলৈ উভতিল নীৰজ চোপ্ৰা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 1, 2023 11:32 am

লুচানৰ ডাইমণ্ড লীগত সোণৰ পদক লাভ কৰিছে ভাৰতৰ অলিম্পিক স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাই। ইয়াৰ আগতেও তেওঁ জয়ী হৈছে। এইবাৰ আকৌ জয়ী হ’ল।

টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজে এইবাৰ জেভেলিনত ৮৭.৬৬ মিটাৰ নিক্ষেপ কৰে। অৱশ্যে পঞ্চম প্ৰচেষ্টাত সেয়া কৰে।

লগতে পঢ়ক: মৰ্মান্তিক! বাছত অগ্নিকাণ্ড, মহাৰাষ্ট্ৰৰ বুলঢানাত ভয়ংকৰ দুৰ্ঘটনা; ২৬ জন লোকৰ মৃত্যু

উল্লেখ্য যে নীৰজে আঘাতৰ বাবে কেইবাখনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা নাছিল। ডোহাৰ পিছত নামিছিল লুচানত। আৰু নামিয়েই আঁজুৰিলে সফলতা।

চেম্পিয়ন হোৱাৰ পিছত নীৰজে কয়, ‘আঘাতৰ পৰা উভতি অহাৰ পিছত অলপ নাৰ্ভাছ অনুভৱ কৰিছিলো। ক্ৰমান্বয়ে প্ৰদৰ্শন উন্নত হৈছে। চেম্পিয়ন হৈ ভাল লাগিছে।”

প্ৰতিযোগিতাত জাৰ্মানিৰ জুলিয়ান ওৱেবাৰে ৰূপ আৰু চেক গণৰাজ্যৰ জাকুভ ভাদলেকে ব্ৰঞ্জ লাভ কৰে।