NORTHEAST NOW (Assamese)
Popular Stories

পত্নীক ভালপোৱাৰ বাবে সলনি কৰিছিল জাৰ্চি নম্বৰ! কিংবদন্তি ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ প্ৰেম কাহিনী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 9, 2023 10:03 am

ভাৰতীয় ক্ৰিকেট জগতৰ বহু তাৰকা আছে যি দুৰ্দান্ত প্ৰেমিক হিচাপে পৰিচিত। ভাৰতীয় ক্ৰিকেট দললৈ সফলতা কঢ়িয়াই অনাৰ উপৰিও তেওঁলোকৰ প্ৰেম কাহিনীও বহুবাৰ চৰ্চালৈ আহিছে। এই তালিকাত আছে সৌৰভ গাংগুলী, শচীন তেণ্ডুলকাৰ, এম এছ ধোনী, মহম্মদ আজহাৰুদ্দিনৰ দৰে কেইবাজনো তাৰকা।

কিন্তু আজি যিগৰাকী ক্ৰিকেটাৰৰ প্ৰেমৰ কাহিনী আপোনালোকক ক’বলৈ ওলাইছো তেওঁ ওপৰত উল্লেখ কৰা আনসকলৰ দৰে লাইমলাইটত থকা মানুহ নহয়, বৰঞ্চ এই সকলোবোৰৰ পৰা আঁতৰি থাকি তেওঁ নিজৰ কাম নিৰৱে কৰি থাকি ভাল পায়। কিন্তু তেওঁ পত্নীক ইমানেই ভাল পাইছিল যে জাৰ্চিৰ নম্বৰো সলনি কৰি পেলাইছিল।

ফটো: সংগ্ৰহীত।

আমি ভাৰতীয় কিংবদন্তি তথা বৰ্তমানৰ ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কথা ক’ব খুজিছো। কেৰিয়াৰত দীৰ্ঘদিন ধৰি সীমিত অভাৰৰ ক্ৰিকেটত ৫ নম্বৰৰ জাৰ্চি পিন্ধি খেলপথাৰত নামিছিল। কিন্তু পিছত তেওঁ নিজৰ জাৰ্চিৰ নম্বৰ সলনি কৰিলে। পিছত ১৯ নম্বৰৰ জাৰ্চি পিন্ধি খেলপথাৰত প্ৰৱেশ কৰিলে। কিন্তু কি কাৰণে তেওঁ এইটো সলনি কৰিলে জানেনে?

ফটো: সংগ্ৰহীত।

এই প্ৰশ্নৰ উত্তৰত ভাৰতীয় ক্ৰিকেটৰ ‘দ্য গ্ৰেট ৱাল’-এ জানিবলৈ দিয়ে যে তেওঁৰ পত্নীৰ জন্মদিন ১৯ তাৰিখ। এই বিষয়োক সন্মান জনাই তেওঁ ১৯ নম্বৰৰ জাৰ্চি বাছি লৈছিল।

উল্লেখ্য যে ৰাহুল দ্ৰাবিড়ে ২০০৩ চনত শৈশৱৰ বন্ধু বিজেতা পেন্দ্ৰকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইজনে সিজনক সৰুৰে পৰা চিনি পাইছিল আৰু সেয়েহে মাৰাঠী পৰিয়াল দুটাৰ এই বিবাহৰ প্ৰতি কোনো আপত্তি নাছিল।

ফটো: সংগ্ৰহীত।

বিজেতা পেন্দ্ৰকাৰ পেছাত এগৰাকী শৈল চিকিৎসক। ২০০৩ চনৰ এদিনীয়া বিশ্বকাপৰ আগতে তেওঁলোকৰ বিয়াৰ দিনটো নিৰ্ধাৰণ কৰা হৈছিল। তাৰ পিছত তেওঁৰ ভাবী পত্নী বিজেতা ৰাহুল দ্ৰাবিড়ৰ সৈতে সংগ দিবলৈ দক্ষিণ আফ্ৰিকালৈ যায়। ২০০৩ চনৰ ৪ মে’ত বিশ্বকাপৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত তেওঁলোক বিবাহপাশত আবদ্ধ হয় আৰু বৰ্তমান তেওঁলোকৰ দুজন পুত্ৰ সন্তান আছে।