NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক খবৰ! মধুৰিআম ছিঙিবলৈ গৈ মাতি আনিলে বিপদ; কুঁৱাত পৰি মৃত্যু ৩টা শিশুৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 11, 2023 8:18 am

বাৰীত তিনিটা ল’ৰা-ছোৱালীয়ে খেলি আছিল। হঠাৎ সিহঁতৰ গছৰ পৰা মধুৰিআম ছিঙিবলৈ মন গ’ল। আৰু সেইটোৱেই কাল হ’ল। গছৰ পৰা কুঁৱাত পৰি তিনি শিশুৱে প্ৰাণ হেৰুৱালে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ ৰায়পুৰ জিলাত।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে ৰায়পুৰৰ চাৰোদা গাঁৱত সংঘটিত হৈছে এই ঘটনা। সেইদিনা ঘৰৰ বাৰীত তিনিজন ভাই-ভনীয়ে খেলি আছিল। আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা মতে বাৰীৰ কুঁৱাত লাগি থকা এডাল মধুৰিআমৰ গছত সিহঁতে ফল ছিঙিবলৈ উঠিছিল। সেই সময়তে গছৰ ডাল ভাঙি যোৱাত তিনিটা শিশু কুঁৱাত পৰি যায়।

নিহতসকলৰ ভিতৰত আছে এগৰাকী ৮ বছৰীয়া ছোৱালী, তাইৰ ৫ বছৰীয়া ভাতৃ আৰু আন এটা ৪ বছৰীয়া শিশু।

জানিব পৰা মতে, শিশুকেইটিৰ আইতাকে প্ৰথমে দেখিছিল যে জালেৰে আগুৰি ৰখা কুঁৱাটোৰ মুখখন খোলা আছে। লগতে গছজোপাৰ এটা ডাল ভাঙি কুঁৱাৰ ওপৰত পৰি আছে। তেতিয়াই তেওঁ ঘৰৰ আন সদস্যসকলক খবৰ দি সতৰ্ক কৰে।

তাৰ পিছত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে আহি কুঁৱাৰ পৰা তিনিটা শিশুৰ মৃতদেহ উদ্ধাৰ কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ কেইটা পৰিয়ালক গতাই দিয়ে। অৱশ্যে ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে।