NORTHEAST NOW (Assamese)
অসম

বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব ৰাজ্যৰ ৭খন মহাবিদ্যালয়; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 11, 2023 8:45 am

অসমৰ সাতখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ উন্নীতকৰণ হ’ব। সোমবাৰে (১০ জুলাই) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা অৱগত কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘অসমক পূব ভাৰতৰ শৈক্ষিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাত আমি সাতখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ মৰ্যাদালৈ উন্নীত কৰাৰ পৰিকল্পনা কৰিছো’।

মুখ্যমন্ত্রী শৰ্মাই লগতে কয়, ‘এইটো হ’লে ২০২১ চনৰ পৰা আমি ৰাজ্যত দহখন নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব৷”

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা দেওবাৰে বিশ্ববিদ্যালয়লৈ উন্নীত হ’বলগীয়া এই সাতখন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে সাক্ষাৎ কৰিছিল।

বিশ্ববিদ্যালয়লৈ উন্নীত হ’বলগীয়া অসমৰ সাতখন মহাবিদ্যালয় হ’ল-

  • শিৱসাগৰ মহাবিদ্যালয়

  • শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়

  • যোৰহাটৰ জগন্নাথ বৰুৱা (জে বি) মহাবিদ্যালয়

  • কোকৰাঝাৰ মহাবিদ্যালয়

  • উত্তৰ লখিমপুৰ মহাবিদ্যালয়

  • নগাঁৱৰ নগাঁও মহাবিদ্যালয়

  • বঙাইগাঁও মহাবিদ্যালয়

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে ৰাজ্যৰ সকলো নতুন বিশ্ববিদ্যালয়তে কেইবাটাও মূল বৈশিষ্ট্য আৰু সুবিধা থাকিব।

ইয়াৰ ভিতৰত আছে: এন ই পি ২০২০ অনুসৰি শেহতীয়া শিক্ষণ বিজ্ঞান, আন্তঃগাঁথনিৰ উন্নতি, ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্ভুক্তি বৃদ্ধি, বহুবিষয় সমৃদ্ধ বিশ্ববিদ্যালয়, গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা, স্নাতকোত্তৰৰ আসন বৃদ্ধি আৰু ইউ জি আৰু পি জি পাঠ্যক্ৰমৰ মাজত সহযোগিতা বৃদ্ধি, ইউ জি আৰু পি জি পাঠ্যক্ৰম শিকোৱাৰ বাবে অধ্যাপকসকলৰ সন্তোষজনক নিয়োজন।