NORTHEAST NOW (Assamese)
Popular Stories

কি নাম এই সম্পৰ্কৰ! সদায় কাজিয়া, ১০বছৰত পত্নীয়ে ৭বাৰ জেলত পঠিয়ালে স্বামীক; মুকলি কৰিও আনিলে নিজেই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 13, 2023 10:52 am

স্বামীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ। দহ বছৰত সাতবাৰ আনিলে অভিযোগ। প্ৰতিবাৰেই অভিযুক্ত স্বামীক দোষমুক্ত কৰে অভিযোগকাৰী পত্নীয়ে। প্ৰেম আৰু যুদ্ধ এই কাহিনী গুজৰাটৰ এহাল দম্পতীৰ।

পত্নীয়ে আৰক্ষীক অভিযোগ দিয়াৰ বাবেই আদালতত উত্থাপন হয় গোচৰটো। আনকি ন্যায়াধীশৰ নিৰ্দেশত পত্নীক ভৰণ-পোষণৰ ধনো দিব লগা হৈছে, আৰু পাঁচ মাহ কাৰাবাসো খাটিবলগীয়া হৈছে। পিছলৈ অৱশ্যে সমস্যাটো সমাধান হ’ল। কিন্তু এইবাৰ হেনো কাজিয়া শীৰ্ষত উপনীত হৈছে।

প্ৰেমচন্দ্ৰ মালি ৰাজ্যখনৰ মহেছানা জিলাৰ কদি চহৰৰ বাসিন্দা। তেওঁৰ পত্নীৰ নাম সোনু। ২০০১ চনত বিবাহপাশত আবদ্ধ হয় এই দম্পতীহাল। বিবাহৰ তেৰ বছৰ পাৰ হোৱাৰ পিছতে আৰম্ভ হয় অশান্তি। ২০১৫ চনত সোনুৱে প্ৰথমবাৰৰ বাবে ঘৰুৱা হিংসাৰ অভিযোগত প্ৰেমৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল।

লগতে পঢ়ক: কেবিনেট সিদ্ধান্ত: উচ্চ শিক্ষাত অ’বি চিৰ বাবে সংৰক্ষিত আসন ১৫ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি

আদালতত গোচৰটো উত্থাপন হোৱাত ন্যায়াধীশে মাহে দুহাজাৰকৈ টকা দিবলৈ নিৰ্দেশ দিয়ে। যদিও পেছাত দিন হাজিৰা কৰা প্ৰেমে সেই ধন দিব বিচৰা নাছিল। এই অপৰাধৰ বাবে তেওঁক পাঁচ মাহৰ কাৰাদণ্ড বিহা হৈছিল।

সেই সময়ৰ পৰাই পতি-পত্নী পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিলে যদিও পিছত লগ হয়। কিন্তু নতুনকৈ আৰম্ভণি হয় বৈবাহিক অশান্তিৰ। ২০১৫ চনৰ পৰা প্ৰায় প্ৰতি বছৰে সোনুৱে স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ থানালৈ গৈছিল। যদিও প্ৰতিবাৰেই তেওঁ নিজেই লকআপৰ পৰা স্বামীক উলিয়াই আনিছে।

পত্নীৰ অভিযোগত চলিত মাহত পুনৰ জেলত ভৰ্তি হ’ল প্ৰেম। সচৰাচৰৰ দৰে সোনুৱে নিজেই তেওঁক জামিনত উলিয়াই আনিলে। পিছে তেওঁলোকৰ অশান্তি দূৰ হ’লনে?

লগতে পঢ়ক: ভাৰতত প্ৰৱেশ ইলন মাস্কৰ টেছলাৰ! দেশত নিৰ্মাণ হ’ব ৫ লাখ ই-কাৰ; কিমান হ’ব মূল্য?

মুঠেও নহ’ল। ইয়াৰ বিপৰীতে এইবাৰ স্বামীয়ে পত্নীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰিছে যে সোনুৱে টকা, মোবাইল ফোন কাঢ়ি লৈছে, আনকি তেওঁৰ পত্নীয়েও তেওঁলোকৰ সন্তানৰো ক্ষতি কৰিব বিচাৰিছে।

ইতিমধ্যে প্ৰেমে পত্নীক এৰি মাকৰ লগত থাকিবলৈ আৰম্ভ কৰিছে। প্ৰেম আৰু সোনুৰ এই ধাৰাবাহিক বৈবাহিক কন্দলত আৰক্ষীও অতিষ্ঠ।