NORTHEAST NOW (Assamese)
Popular Stories

বিমানৰ ভিতৰতে বিস্ফোৰিত হ’ল মবাইল, জৰুৰীভাবে অৱতৰণ বিমানৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 18, 2023 7:10 am

ভয়ংকৰ পৰিঘটনা। উদয়পুৰৰ পৰা দিল্লীলৈ গৈ আছিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। উৰণৰ কিছু সময়ৰ পিছতে হঠাৎ এজন যাত্ৰীৰ মোবাইল ফোনৰ বেটাৰী বিস্ফোৰণ ঘটে।

ইয়াৰ পিছত পাইলটে পলম নকৰি যাত্ৰীৰ সুৰক্ষাৰ খাতিৰত ক্ষীপ্ৰতাৰে বিমানখন জৰুৰীকালীনভাবে অৱতৰণ কৰিলে। 

সূত্ৰ অনুসৰি বিমানখনত ১৪০ গৰাকী যাত্ৰী আছিল। বৰ্তমান সকলো যাত্ৰী সুৰক্ষিত। 

এইদৰে জৰুৰীকালীনভাবে অৱতৰণ কৰাৰ পিছত উদয়পুৰ বিমানবন্দৰত বিমানখন পৰীক্ষা কৰাৰ পিছত পুনৰ দিল্লীলৈ ৰাওনা হ’বলৈ অনুমতি দিয়া হয়। অৱশ্যে যাত্ৰীগৰাকীৰ মোবাইলৰ বেটাৰীটো কেনেদৰে বিস্ফোৰণ হ’ল তাৰ তদন্ত চলি আছে।

সূত্ৰ অনুসৰি ৰাজস্থানৰ উদয়পুৰৰ পৰা দিল্লী অবিমুখে দিনৰ ১ বজাত এয়াৰ ইণ্ডিয়াৰ বিমান খনে উৰা মাৰিছিল। 

উৰণ আৰম্ভ হোৱা কিছু সময়ৰ পিছতে যাত্ৰীজনৰ মোবাইল ফোনটোৰ বেটাৰীটোৰ বিস্ফোৰণ ঘটে। যদিহে বেটাৰীটোৰ পৰা জুই নিৰ্গত হ’লহেতেঁন বা জুই অলপ হ’লেও বিয়পি গ’লহেতেঁন তেতিয়া ডাঙৰ অঘটনৰ সম্ভাৱনা থাকিলহেতেঁন। সেয়ে পাইলটে সুৰক্ষাৰ প্ৰতি পিঠি নিদি জৰুৰীভাবে বিমানখন অৱতৰণ কৰে।

কাৰণ আকাশৰ মাজভাগত যদি কোনো সমস্যা হয়, তেন্তে তাৰ সৈতে আৰু মোকাবিলা কৰিব পৰা নাযায়। 

ইয়াৰ পূৰ্বে ২০২২ চনৰ এপ্ৰিল মাহত ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী এখন বিমানত এটা মোবাইলৰ বেটাৰী জ্বলি উঠিছিল। মোবাইলটো গৰম হৈ যোৱাৰ বাবে বেটাৰীটো জ্বলি উঠিছিল। অৱশ্যে লগে লগে বিমানখনৰ কেবিন ক্ৰুৱে শীঘ্ৰে জুই নিৰ্বাপন কৰে।