NORTHEAST NOW (Assamese)
Popular Stories

মাৰ্ঘেৰিটাত তথাকথিত বিজেপি নেতাৰ কাণ্ড, পৰস্ত্ৰী অপহৰণেৰে অভিলেখ সৃষ্টি কৰা লোক এতিয়া ডিব্ৰুগড় সংসদীয় সমষ্টিৰ টিকটৰ দাবীদাৰ

Posted by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা July 28, 2023 9:35 pm

তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তবৰ্তী মাৰ্ঘেৰিটাত এইবাৰ বিজেপি দলৰ ভিতৰত ওলাইছে দ্বিতীয়জন শুকুৰ আলি৷ নিজকে বিজেপি দলৰ এজন সক্ৰিয় কৰ্মী ৰূপে ফটোৱা জাৰি কৰা তথাকথিত নেতাজন হৈছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লামা গাৱৰ বাসিন্দা কাজল তাছা৷

পূৰ্বতে চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃত্ব লোৱাৰ অজুহাততে কংগ্ৰেছ চৰকাৰৰ দিনত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ লেমটো হৈ ঘুৰাৰ পিছত সময় বুজি পাভ লুটি মৰি মাৰ্ঘেৰিটাৰ সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতো শেহতীয়াকৈ সুসম্পৰ্ক ৰক্ষা কৰি নিজকে অতি বিজেপি দেখুৱাবলৈ গৈ সংসদৰ টিকট দাবীদাৰ বুলি প্ৰচাৰ চলোৱাত চকু কপালত উঠিছে মাৰ্ঘেৰিটা বিজেপিত৷

ডিব্ৰুগড় সংসদীয় সমষ্টিত বিপুল ভোটৰ ব্যৱধানত দুটাকৈ কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক চেৰাই গৈ ৰাইজে যদি বিছাৰে মই ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হবলৈ সাজু আছোঁ বুলি কৰা মন্তব্যৰ পিছত সমষ্টিটোত কোনো গণভিত্তি নথকা তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মুখৰ এনে কথাই এতিয়া হাঁ‌হিৰ খোৰাক যোগোৱা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহে এতিয়াও নিৰ্বাচনী কুজ-কাৱাজ চলোৱা পৰিলক্ষিত হোৱা নাই৷ তৎস্বত্বেও নিজকে তিনিচুকীয়া জিলা চাহ জনগোষ্ঠী মৰ্চাৰ উপঃসভাপতি বুলি দাবী কৰা কাজল তাছাই দেওবাৰে লামগাওঁ স্থিত নিজ গৃহ সংলগ্ন কাৰ্যালয়ৰ কক্ষত একাংশ সাংবাদিকৰ আগত এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰাৰ্থীত্ব কেন্দ্ৰীক দৌৰৰ কথা সদৰি কৰাত সাধাৰণ ৰাইজক বাৰুকৈয়ে আমোদ দিয়া পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে, এটা সংগঠনৰ সভাপতি সম্পাদক অবিহনে এজন উপঃ সভাপতিয়ে সংবাদমেল দিয়া বিষয়টো এটা নজীৰবিহীন ঘটনা৷ এই ক্ষেত্ৰত জনৈক তিনিচুকীয়া জিলা চাহ জনগোষ্ঠী মৰ্চাকো নিজৰ স্থিতি স্পষ্ট কৰিবলৈ ৰাইজে দাবী জনাইছে৷

লগতে কাজল তাছা নামৰ বিজেপি দলৰ তৃণমূলৰ লোকজনে সংবাদমেলত অসমৰ ভিতৰতে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হব বুলিও দম্ভালি মাৰে৷ কেন্দ্ৰীয় মন্ত্ৰী তথা দুটা কাৰ্যকালৰ বাবে বিপুল ভোটত জয়ী হোৱা বিজেপিৰ এগৰাকী শক্তিশালী কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক এনেদৰে বিজেপিৰ এগৰাকী তৃণমূলৰ কৰ্মীয়ে প্ৰত্যাহ্বান জনোৱা বিষয়টোৱে বিজেপিৰ দলৰ মজিয়াতো দ্বিতীয় শুকুৰ আলি আহিলে বুলি সৰ্বত্ৰে চৰ্চা চলিছে৷

আনহাতে, এইজন কাজল তাছাৰ বিৰুদ্ধে ডিগবৈ বন সংমণ্ডলৰ লিখাজান তথা অৰুণাচলৰ নামটক আদিৰ পৰা চোৰাং কাঠ সৰবৰাহ কৰা মাফিয়াৰ লগতো গোপন মিতিৰালি থকা বুলি বিভিন্ন সময়ত ৰাইজে অভিযোগ উত্থাপিত কৰি আহিছে৷ উক্ত অঞ্চলেৰে পাৰ হৈ যোৱা প্ৰতিখন গাড়ীৰ বাবদ ধন সংগ্ৰহ কৰি বিপুল পৰিমাণৰ সম্পত্তি গোটোৱা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে এইজন লোকৰ বিৰুদ্ধে৷

অতি চতুৰতাৰে কাজল তাছাই মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই নিৰ্বাচন জয়ী হোৱাৰ পিছতে চলে বলে কৌশলে বিজেপিৰ দলৰ চাহ জনগোষ্ঠী মৰ্চাত অন্তভুৰ্ক্ত হৈ লয় আৰু ৰাজনৈতিক প্ৰভাৱ খটুৱাই বিভিন্ন দুৰ্নীতিত লিপ্ত হৈ অতি কম দিনৰ ভিতৰতে অগাধ সম্পত্তিৰ গৰাকী হৈ পৰে৷ কিন্তু শেহতীয়াকৈ ধনৰ বলত বলীয়ান কাজল তাছাই নিজেই সাংসদ, বিধায়ক হ’বলৈ মন মেলাৰ কাৰ্যই যুৱকজনক ৰাইজৰ মাজত হাঁহিয়াতৰ পাত্ৰহে কৰি পেলাইছে৷

যিয়েই নহওক লোকজনৰ এনে কৌতুকপূৰ্ণ কথা কাণ্ডই স্বয়ং বিজেপি দলৰ কৰ্মীৰ মাজতো আমোদ দিয়া পৰিলক্ষিত হৈছে৷

ইপিনে, সম্প্ৰতি পোহৰলৈ আহিছে এই গৰাকী সাম্ভাৱ্য সাংসদ প্ৰাৰ্থী গৰাকীৰ আন এক কুকীৰ্তি৷ এই গৰাকী তথাকথিত নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে পৰস্ত্ৰী অপহৰণ কৰাৰ অভিযোগ৷

শুক্ৰবাৰে সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে অপহৃত মহিলা মম্পি দেৱনাথৰ স্বামী তথা মাৰ্ঘেৰিটাৰ নিবাসী ৰাজেশ দেৱনাথে৷ দেৱনাথে স্পষ্টকৈ অভিযোগ কৰি কয় যে অতি গোপনীয়তাৰে ৮ বছৰ ধৰি তেওঁৰ পত্নী মম্পি দেৱনাথৰ সৈতে তাছাই অবৈধ প্ৰেমৰ সম্পৰ্ক বজাই আহিছিল৷ মাত্ৰ কেইদিন মানৰ আগতে সাধাৰণ কাজিয়াৰ অজুহাততে তাছালৈ পলাই গৈছে তেওঁৰ পত্নী৷ আনহাতে মম্পি দেৱনাথৰ পত্নীৰ পৰা বিপুল পৰিমাণৰ ধন লোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে দুবাৰকৈ পলাই যোৱা পত্নী কোনো কাৰণতেই গ্ৰহণ নকৰে বুলি স্পষ্ট কৰিছে ৰাজেশে৷

অন্যহাতে বিবাহ বিচ্ছেদৰ বাবেও আদালতত আবেদন জনোৱা বুলি উল্লেখ কৰিছে অসহায় ৰাজেশ দেৱনাথে৷