NORTHEAST NOW (Assamese)
Popular Stories

নাৰায়ণপুৰত নামৰ প্ৰসাদ খাই অসুস্থ ১৫ গৰাকী ব্যক্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 29, 2023 7:20 pm

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নৃপেন ভূঞা নামৰ এজন ব্যক্তিৰ বাসগৃহত অনুষ্ঠিত হোৱা নাম-সকামত প্ৰসাদ সেৱন কৰি ১৫ জনতকৈও অধিক লোক অসুস্থ হৈ পৰে।

সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা প্ৰসাদ খোৱা ব্যক্তিসকলৰ দুপৰীয়াৰ পৰা বমি আৰম্ভ হয়।

নাৰায়ণপুৰৰ বুঢ়া-বুঢ়ী গাঁৱত সংঘটিত হৈছে এই ঘটনা।

ইতিমধ্যে অসুস্থ ব্যক্তিকেইগৰাকীক ধলপুৰ আৰু ভোলাবাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, প্ৰসাদ খাই অসুস্থ হৈ পৰা ব্যক্তিকেই গৰাকী হৈছে – নিকু ভূঞা, প্ৰেমলতা ভূঞা, দীনমনি ভূঞা, শিলৰনী ভূঞা, বাবলু ভূঞা, ইন্দুশ্ৰী ভূঞা, জীবন ভূঞা, বীণা ভূঞা, মঞ্জু ভূঞা, ৰীতামণি ভূঞা, মণিৰাম ভূঞা, দেনিশ ভূঞা, ভানু ভূঞা আৰু সমীশ ভূঞা। অসুস্থ সকলৰ ভিতৰত আছে কেইবাগৰাকীও শিশু। 

উল্লেখ্য যে ইয়াৰে তিনিজন লোকৰ অৱস্থা অতি সংকটজনক। সংকটজনক অৱস্থাৰ বাবে তেওঁলোকক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়কঃ চুপাৰি ছিণ্ডিকেটৰ অভিযুক্ত বিজেপি নেতা জিতুমণি দাসক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই

লগতে পঢ়কঃ ৰাহুলৰ বিয়াৰ বাবে কইনা বিচাৰি দিয়াৰ দায়িত্ব দিলে ছোনিয়াই; কাক দিলে এই দায়িত্ব?