NORTHEAST NOW (Assamese)
Popular Stories

চাণক্য নীতি! এনে পুৰুষৰ প্ৰতি চুম্বকৰ দৰে আকৰ্ষিত হৈ কাষ চাপি আহে নাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 5, 2023 7:22 am

আচাৰ্য চাণক্য আছিল বিশ্বৰ অন্যতম মহান নীতিশাস্ত্ৰবিদ। আজিও তেওঁৰ নীতিয়ে সকলো শিক্ষা দি আছে। তেওঁৰ নীতি মানি চলিলে কোনোৱেই জীৱনত বিফল হ’ব নোৱাৰে। কেৱল এয়াই নহয়, আচাৰ্য চাণক্যৰ নীতিয়ে জীৱন-যাপনৰ প্ৰতিটো পদ্ধতিৰ ব্যাখ্যা আগবঢ়াইছে।

যদি জীৱনত কিবা এটা লাভ কৰিব পাৰি তেন্তে আপুনি আচাৰ্য চাণক্যৰ নীতি অনুসৰি জীৱনটো কটাবলৈ আৰম্ভ কৰিব পাৰে। একেদৰে আচাৰ্য চাণক্যই তেওঁৰ নীতিত কৈছে যে কিছুমান বিশেষ গুণ থকা ব্যক্তি বা পুৰুষৰ প্ৰতি মহিলা আকৰ্ষিত হয়। আচাৰ্য চাণক্যই কৈছে যে সৎ, মিতভাষী আৰু লগতে ভাল শ্ৰোতা, তেনে পুৰুষৰ প্ৰতি মানুহৰ আকৰ্ষণ বেছি। এনে পুৰুষৰ গুণৰ কথা চাওক।

আচাৰ্য চাণক্যৰ মতে যি ব্যক্তিৰ হাতত ধন-সম্পত্তি থাকে আৰু ভাল ব্যক্তিত্বৰ অধিকাৰী হয়, তেওঁ আনকো উত্তম জীৱন দিব পাৰে। মহিলাসকলে এনে পুৰুষক বৰ ভাল পায়। লগতে এনে পুৰুষক জীৱন সংগী বনাব বিচাৰে। নাৰী প্ৰায়ে এনে পুৰুষৰ প্ৰেমত পৰে।

স্বভাৱ

আচাৰ্য চাণক্যৰ মতে প্ৰায়ে পুৰুষ শান্ত স্বভাৱৰ নহয় আৰু যিকোনো ভুলৰ প্ৰতি তেওঁৰ মন বিদ্ৰোহ আৰু বিৰোধ কৰা ধৰণৰ হয়। কিন্তু শান্ত, সহজ-সৰল আৰু কোমল প্ৰকৃতিৰ পুৰুষৰ প্ৰতি নাৰী সোনকালে আকৰ্ষিত হয়। মহিলাসকলে এনে পুৰুষকহে পতি হিচাপে বিচাৰে।

চৰিত্ৰ

আচাৰ্য চাণক্যৰ মতে, মহিলাসকলে প্ৰায়ে ভাল পোৱা পুৰুষজন ভাল চৰিত্ৰৰ হোৱাটো বিচাৰে। এনে সৎ আৰু ভাল চৰিত্ৰৰ পুৰুষ যিয়ে নাৰীকো সন্মান কৰে, তেনে পুৰুষৰ প্ৰতি নাৰী সোনকালে আকৰ্ষিত হয়।

কথা শুনা আৰু আজ্ঞাবাহী

নাৰীয়ে পুৰুষৰ প্ৰতি সোনকালে আকৰ্ষিত হয় যিয়ে তেওঁলোকৰ কথা ভালদৰে শুনে আৰু তেওঁলোকে কোৱা কথাবোৰত মনোযোগ দিয়ে। লগতে তেওঁলোকৰ চিন্তাধাৰা বুজি পায়। এনে পুৰুষৰ প্ৰতি নাৰী চুম্বকৰ দৰে আকৰ্ষিত হয়।