NORTHEAST NOW (Assamese)
Popular Stories

এনেকুৱাও হয়! পিয়াহত ২০ মিনিটতে খাই পেলালে ২ লিটাৰ পানী; প্ৰাণ হেৰুৱালে মহিলাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 6, 2023 1:48 pm

আমেৰিকাৰ এছলী ছামাৰ্ছ নামৰ এগৰাকী মহিলাই পৰিয়ালৰ সৈতে ইণ্ডিয়ানাৰ লেক ফ্ৰীমেনলৈ ফুৰিবলৈ গৈছিল। অত্যন্ত গৰমত পিয়াহত কাতৰ হৈ মাত্ৰ ২০ মিনিটতে খাই পেলালে ২ লিটাৰ পানী। তাৰ পিছত তেওঁ অচেতন হৈ পৰিল। তেওঁ আৰু চেতনা ঘূৰাই নাপালে, আকোঁৱালি ল’লে মৃত্যু।

এছলীৰ জ্যেষ্ঠ ভাতৃ ডেভন মিলাৰে কয় যে এছলীয়ে ২০ মিনিটত ৪ বটল পানী খাইছিল। ৪টা বটলত ৬৪ আউন্স পানী আছিল আৰু প্ৰতিটো বটলত গড়ে ১৬ আউন্স পানী (প্ৰায় ২ লিটাৰ) আছিল।

ডেভন মিলাৰে কয় যে লেক ফ্ৰীমেনৰ পৰা উভতি অহাৰ পিছত এছলীয়ে নিজৰ গেৰেজত অজ্ঞান হৈ পৰে। মিলাৰে কয় যে তেওঁৰ আনগৰাকী ভগ্নী হলীয়ে এছলীৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিষয়ে তেওঁক ফোন কৰি জনায়। কিন্তু সেই সময়ত তেওঁলোকে এছলী কিয় অসুস্থ হৈ পৰিছিল জনা নাছিল।

লগতে পঢ়ক: সোমবাৰে ২৪ ঘন্টীয়া ভাৰত বন্ধ; কোনে দিছে আৰু কিয় দিছে এই বন্ধৰ আহ্বান?

এছলীৰ পৰিয়ালক চিকিৎসকে জনাইছে যে তেওঁৰ হাইপ’নাট্ৰেমিয়া, যাক পানীৰ বিষক্ৰিয়া বুলিও কোৱা হয়, তাত আক্ৰান্ত হৈছিল। তেজত ছ’ডিয়ামৰ পৰিমাণ অত্যধিক কমি গ’লে এই জটিলতা দেখা দিয়ে।

মিলাৰে কয় যে যেতিয়া চিকিৎসকে আমাক পানীত বিষক্ৰিয়াৰ কথা ক’লে, তেতিয়া আমি স্তম্ভিত হৈ পৰিলোঁ।

হাইপ’নাট্ৰেমিয়াত আক্ৰান্ত হোৱা ঘটনা বিৰল। কিন্তু ইয়াৰ পৰিণাম মাৰাত্মক হ’ব পাৰে। সাধাৰণতে কম সময়ৰ ভিতৰত বেছি পানী খালে বা অসুস্থতাৰ বাবে বৃক্কত অধিক পানী থাকিলে এই সমস্যাৰ সৃষ্টি হয়। হাইপ’নাট্ৰেমিয়াৰ লক্ষণসমূহ হ’ল অসুস্থ অনুভৱ কৰা, পেশীৰ সংকোচন, বমি আৰু মূৰৰ বিষ।

লগতে পঢ়ক: অসমৰ নৱোদয় বিদ্যালয়ত অসমীয়া ভাষাক এলাগী কৰাৰ সাহস কোনে দিছে?-আপৰ প্ৰশ্ন

গৰম বতৰত বা ৰ’দত বাহিৰত কাম কৰা বা সঘনাই ব্যায়াম কৰা লোকসকলৰ হাইপ’নাট্ৰেমিয়া হোৱাৰ আশংকা থাকে বুলি চিকিৎসালয়খনৰ চিকিৎসক ব্লেক ফ্ৰ’বাৰ্গে জানিবলৈ দিয়ে। এই কাৰণেই ইলেক্ট্ৰলাইট, ছ’ডিয়াম তথা পটাছিয়ামযুক্ত পানীয় খোৱাটো গুৰুত্বপূৰ্ণ।