NORTHEAST NOW (Assamese)
দেশ

কেন্দ্ৰৰ নতুন আইন: নিৰ্বাচন আয়োগৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বাদ পৰিব দেশৰ মুখ্য ন্যায়াধীশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 10, 2023 3:24 pm
new bill on election body appointments

আজি ৰাজ্যসভাত আন এক বিতৰ্কিত বিধেয়ক উত্থাপন কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। দেশৰ নিৰ্বাচন আয়োগৰ নিযুক্তি বিষয়ক ‘মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) বিধেয়ক, ২০২৩’ আজি ৰাজ্যসভাত উত্থাপন কৰা হ’ব।

ইতিমধ্যেই এই বিধেয়কক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। কিয়নো কেন্দ্ৰই এই বিধেয়কৰ জৰিয়তে নিৰ্বাচন আয়োগৰ নিযুক্তি প্ৰক্ৰিয়াৰ পেনেলৰ পৰা উচ্চতৰ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক বাদ দিয়াৰ সিদ্ধান্ত লৈছে।

আজি ৰাজ্যসভাত উত্থাপন হ’বলগীয়া এই বিধেয়ক মতে নিৰ্বাচনী আয়োগৰ নিযুক্তি প্ৰক্ৰিয়াৰ পেনেলত থাকিব প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলপতি আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা এজন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী। এই পেনেলৰ পৰামৰ্শ অনুসৰি নিৰ্বাচন আয়োগৰ শীৰ্ষ বিষয়াসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব।

লক্ষণীয়ভাৱে, চলিত বৰ্ষৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এক ৰায় দিছিল। এই ৰায় মতে, নিৰ্বাচন আয়োগৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰধানমন্ত্ৰী, বিৰোধী নেতা আৰু ভাৰতৰ মুখ্য ন্যায়াধীশক লৈ পেনেল গঠিত হ’ব আৰু এই পেনেলৰ পৰামৰ্শ মতে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিযুক্তি দিব লাগিব।

ন্যায়াধীশ কে এম জোচেফ নেতৃত্বাধীন পাঁচজনীয়া সংবিধান বিচাৰপীঠে নিৰ্বাচন আয়োগৰ স্বাধীনতা নিশ্চিত কৰাৰ লক্ষ্যৰে সৰ্বসন্মতিক্ৰমে এই ৰায়দান কৰিছিল। অৱশ্যে শীৰ্ষ আদালতৰ বিচাৰপীঠে লগতে সংসদে কোনো আইন প্ৰণয়ন নকৰালৈকে এই ব্যৱস্থা অব্যাহত থাকিব বুলি উল্লেখ কৰিছিল।

ইফালে কংগ্ৰেছে কেন্দ্ৰৰ এই নতুন বিধেয়কৰ সমালোচনা কৰি বিধেয়কখনক বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় স্বতন্ত্ৰ প্ৰতিষ্ঠানসমূহক নিয়ন্ত্ৰণ কৰাৰ আন এক প্ৰচেষ্টা বুলি অভিহিত কৰে। পক্ষপাতদুষ্ট নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাবেই এই বিধেয়ক অনা হৈছে বুলিও কংগ্ৰেছে অভিযোগ কৰে।

জ্যেষ্ঠ কংগ্ৰেছ নেতা কেচি বেণুগোপালে এক টুইট যোগে বিধেয়কখনক অসাংবিধানিক, স্বেচ্ছাচাৰী আখ্যা দি বিধেয়কৰ বিৰোধিতা কৰা হ’ব বুলি উল্লেখ কৰে। আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ মুৰব্বী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে সিদ্ধান্তৰ পিছত সিদ্ধান্তৰ জৰিয়তে ভাৰতীয় গণতন্ত্ৰ দুৰ্বল কৰা বুলি অভিযোগ কৰে।

এয়া অতি বিপদজনক পৰিস্থিতি বুলি অভিহিত কৰি কেজৰিৱালে এক টুইটযোগে কয় যে প্ৰস্তাৱিত বাছনি পেনেলত দুগৰাকী বিজেপি আৰু এগৰাকী কংগ্ৰেছ সদস্য থাকিব। এনে পৰিস্থিতিত নিশ্চিতভাৱে নিৰ্বাচিত নিৰ্বাচন আয়ুক্তগৰাকী বিজেপিৰ প্ৰতি অনুগত হ’ব বুলি দাবী কৰে কেজৰিৱালে।