NORTHEAST NOW (Assamese)
Popular Stories

মিছ ইউনিভাৰ্ছৰ প্ৰতিযোগীক যৌন নিৰ্যাতনৰ অভিযোগ; অৰ্দ্ধনগ্ন অৱস্থাৰে তুলি ৰাখিলে ফটো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 10, 2023 5:07 pm

ইণ্ডোনেছিয়াৰ মিছ ইউনিভাৰ্ছৰ ছয়গৰাকী প্ৰতিযোগীয়ে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে। উদ্যোক্তাসকলৰ হাতত তেওঁলোকে যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ আনিছে। আনকি অৰ্দ্ধনগ্ন কৰি শৰীৰত স্পৰ্শ কৰাৰ পৰা সেয়া কেমেৰাত বন্দী কৰাৰো দাবী উত্থাপন হৈছে।

কেইবাটাও আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈকে মিছ ইউনিভাৰ্ছৰ প্ৰতিযোগী নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে। সেই সময়তে এই যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল।

লগতে পঢ়ক: মণিপুৰক লৈ সংসদ উত্তাল হৈ থকাৰ মাজতে পোহৰলৈ আহিল আন এক দলবদ্ধ ধৰ্ষণৰ ঘটনা

জানিব পৰা মতে, ঘৰভৰ্তি লোকৰ সন্মুখত প্ৰতিযোগীসকলক কাপোৰ খুলিবলৈ নিৰ্দেশ দিয়া হয়। কেৱল মাত্ৰ অন্তৰ্বাস পিন্ধাই থিয় কৰাই শাৰীৰিক পৰীক্ষা-নিৰীক্ষা চলোৱা হয়। তাৰ পিছত সেই অৱস্থাৰে ছবি কেমেৰাত বন্দী কৰা হয়।

তেওঁলোকৰ অধিবক্তা মেলিছা এঞ্জেৰেইনীয়ে দাবী কৰে যে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অৱশ্যে এনে কোনো নিয়ম নাই।

লগতে পঢ়ক: গুৱাহাটীত দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰি হত্যা; চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে মহানগৰী

মঙলবাৰে মিছ ইউনিভাৰ্ছৰ আয়োজকসকলে এক বিবৃতি প্ৰদান কৰে। ইতিমধ্যে এনে অভিযোগৰ কথা তেওঁলোকৰ কাণত পৰিছে বুলি কোৱা হৈছে। তেওঁলোকে বিষয়টো নিৰীক্ষণ কৰি চাই আছে।