NORTHEAST NOW (Assamese)
দেশ

সন্দেহেই কাল: স্বামীৰ সৈতে সম্পৰ্কৰ সন্দেহত নিজ ভগ্নীক গুলীয়ালে মহিলাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 10, 2023 7:40 pm
woman shot sister

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে দেশৰ ৰাজধানী চহৰ দিল্লী। সন্দেহৰ বশৱৰ্তী হৈ নিজ ভগ্নীক বন্দুকেৰে গুলীয়াইছে এগৰাকী মহিলাই। স্বামীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছে বুলি সন্দেহ কৰিয়েই মহিলাগৰাকীয়ে তেওঁৰ নিজ ভগ্নীলৈ গুলীচালনা কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে গুলীচালনাৰ অভিযোগত ৩০ বৰ্ষীয় মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। চনু নামৰ ধৃত মহিলাগৰাকীৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ লগতে অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

মহিলাগৰাকীৰ আক্ৰমণত আহত হোৱা তেওঁৰ ভগ্নীক চুমাইলা বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি চনুৱে গুলী চলোৱাৰ লগতে বন্দুকেৰে উপৰ্যুপৰি আঘাত কৰিছিল চুমাইলাক।

প্ৰকাশিত খবৰ অনুসৰি, তেওঁলোকৰ পৰিয়াল উত্তৰ-পূব দিল্লীৰ শাস্ত্ৰী পাৰ্কৰ বুলন্দ মছজিদ অঞ্চলত বাস কৰে। ২০ বছৰীয়া চুমাইলাৰ অভিযোগ মতে, জ্যেষ্ঠ ভগ্নী চনুৱে তেওঁক বুধবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত দেশীয় পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰিছিল।

কনিষ্ঠ ভগ্নীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত জ্যেষ্ঠ ভগ্নী চুমাইলাক গ্ৰেপ্তাৰ কৰে। এই সন্দৰ্ভত সত্যাসত্য নিৰ্ণয়ৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।