NORTHEAST NOW (Assamese)
দেশ

প্ৰতিৰক্ষাৰ সংসদীয় স্থায়ী সমিতিলৈ মনোনীত ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 17, 2023 12:49 pm
Rahul Gandhi

লোকসভাৰ সদস্যপদ পুনৰ ঘূৰাই পোৱাৰ কেইদিনমান পাছতে কালি দেশৰ প্ৰতিৰক্ষা সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিলৈ মনোনীত কৰা হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। গান্ধীৰ লগতে কংগ্ৰেছৰ সাংসদ অমৰ সিঙকো এই সমিতিলৈ মনোনীত কৰা হৈছে।

লোকসভাৰ নৱনিৰ্বাচিত আম আদমি পাৰ্টিৰ সদস্য সুশীল কুমাৰ ৰিংকুক কৃষি, পশুপালন আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ সমিতিলৈ মনোনীত কৰা হৈছে। শেহতীয়াকৈ জলন্ধৰ লোকসভাৰ উপ-নিৰ্বাচনত জয়ী হোৱা ৰিংকু লোকসভাত আপৰ একমাত্ৰ সদস্য।

আনহাতে, মাৰ্চ মাহত লোকসভাৰ সদস্যপদ পুনৰ ঘূৰাই পোৱা নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ফৈজল পি পি মহম্মদক গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ সমিতিলৈ মনোনীত কৰা হৈছে।

উল্লেখ্য যে, যোৱা মাৰ্চ মাহত গুজৰাট আদালতৰ দ্বাৰা শাস্তিৰ সন্মুখীন হোৱাৰ ফলত সংসদৰ সদস্য পদ হেৰুওৱাৰ পূৰ্বেও ৰাহুল গান্ধী প্ৰতিৰক্ষা সম্পৰ্কীয় সংসদীয় পেনেলৰ সদস্য আছিল।

২০১৯ চনত তেওঁৰ মোদী উপাধি সম্পৰ্কীয় মন্তব্যৰ বাবে গুজৰাট আদালতে দিয়া শাস্তিৰ ৰায়ত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাৰ পিছতে ৭ আগষ্টত ৰাহুল গান্ধীয়ে লোকসভাৰ সদস্যপদ পুনৰ লাভ কৰিছিল।