NORTHEAST NOW (Assamese)
অসম

ভুৱা আলফাৰ নামত সোণাৰিৰ ব্যৱসায়ীক ধন দাবী

Posted by: এন ই নাও নিউজ ব্যুৰো December 9, 2017 12:35 pm

পুনৰ আলফাৰ নামত ব্যৱসায়ীক ফোনযোগে ধন বিচাৰি ভাবুকি প্ৰদান কৰা এজন ভুৱা আলফা সদস্য আৰক্ষীয়ে আটক কৰিছে। এই ঘটনা সংঘটিত হৈছে অসম নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা অঞ্চলত। ধন দাবী কৰা লোকজন ভুৱা আলফাৰ সদস্য অশ্বিনী বৰা ওৰফে প্ৰবীণ বৰা বুলি চিনাক্ত কৰা হৈছে। এই লোকজনে অশোক সিং নামৰ এজন ব্যৱসায়ীক ফোনযোগে বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল। উক্ত ধন ৰাশি ভুৱা আলফা সদস্য গৰাকীৰ নিজৰ এছ বি আই একাউণ্টত জমা কৰি দিবলৈ নিৰ্দেশ দিয়ে। ধন আদায় নকৰিলে সিঙৰ পৰিয়ালৰ সদস্যক প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰে বুলি ব্যৱসায়ীজনে জানিবলৈ দিয়ে।

এই ঘটনা সংঘটিত হোৱাৰ পিছত সিঙে নামতোলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ভুৱা আলফা সদস্য গৰাকীক ডিব্ৰুগড়ৰ মৰাণ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা লোকজন টিংখঙৰ লেঙেৰি গাঁৱৰ নিবাসী বুলি জানিব পৰা গৈছে। ধৃত লোকজনৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন, এছ বি আইৰ পাছবুক জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি আমাক জানিবলৈ দিয়ে।