NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীস্থিত এইমছত সহকৰ্মীৰ ছুৰিকাঘাতত মৃত্যু কৰ্মচাৰীৰ: তিনিগৰাকীক আটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 23, 2023 2:22 pm
AIIMS Guwahati

এক ভয়াৱহ হত্যাকাণ্ড সংঘটিত হৈছে চাংসাৰিস্থিত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স, চুমকৈ এইমছত। মঙলবাৰে নিশা সহকৰ্মীৰ ছুৰীৰ আঘাতত এগৰাকী কৰ্মচাৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

মৃত কৰ্মচাৰীগৰাকীক নিপন কলিতা বুলি চিনাক্ত কৰা হৈছে। নিহত কলিতাৰ শৰীৰত থকা দাগৰ প্ৰতি লক্ষ্য ৰাখি অভিযুক্তই তেওঁক একাধিকবাৰ ছুৰীৰে আঘাত কৰাৰ সন্দেহ কৰা হৈছে।

এই হত্যাকাণ্ডৰ আঁৰৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও অভিযুক্তৰ সৈতে কোনো ব্যক্তিগত বিষয়ক লৈ কাজিয়াৰ সূত্ৰপাত হোৱাৰ বাবেই এনে নৃশংস ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

নিহত নিপন কলিতা বিগত কিছু মাহ ধৰি চিকিৎসালয়খনত কৰ্মৰত আছিল। কলিতা কামৰূপ জিলাৰ অন্তৰ্গত বকোৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে।

ইফালে এই ঘটনা সন্দৰ্ভত তিনিগৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে। ধৃত তিনি অভিযুক্তৰ নাম ক্ৰমে অমিত মণ্ডল, বিনীত গুপ্তা আৰু দিপক শৰ্মা বুলি জানিব পৰা গৈছে।

সূত্ৰই অনুসৰি, তেওঁলোকৰ মাজত ভাষা সম্পৰ্কীয় কোনো কথাক লৈ সংঘাতৰ সৃষ্টি হৈছিল। অৱশ্যে এয়া সঁচা নে মিছা, এইপৰ্যন্ত নিশ্চিত হোৱা নাই।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।