NORTHEAST NOW (Assamese)
Popular Stories

প্ৰদৰ্শনেৰেই নহয়, ব্যৱহাৰেও মন মুহিছে গ’ল্ডেন বয় নীৰজ চোপ্ৰাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 29, 2023 9:03 pm
Neeraj Chopra

ক্ৰীড়া বিশ্বত প্ৰখ্যাত আমেৰিকান সাতোঁৰবিদ মাইকেল ফেল্পছ, জামাইকান দৌৰবিদ উছেইন ব’ল্টৰ এক সুকীয়া স্থান আছে। ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ইখনৰ পিছত সিখনকৈ আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খিতাপ জয়েৰে এই দুই তাৰকাই ক্ৰীড়াপ্ৰেমীৰ মাজত সদায়েই স্মৰণীয় হৈ থাকিব।

আন্ত:ৰাষ্ট্ৰীয় ক্ৰীড়াত ধাৰাবাহিকতাৰ ক্ষেত্ৰত এতিয়া আন এক নাম সংযোগ হৈছে। নীৰজ চোপ্ৰা। ভাৰতৰ এই তাৰকাগৰাকীয়ে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ইখনৰ পিছত সিখন প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জনেৰে দেশক গৌৰৱান্বিত কৰি তুলিছে।

২৫ বছৰ বয়সৰ এই তাৰকাগৰাকীয়ে এইপৰ্যন্ত অলিম্পিক স্বৰ্ণৰ লগতে জয় কৰিছে ডায়মণ্ড লীগ, এছিয়ান গেমছ, কমনৱেলথ গেমছ, এছিয়ান চেম্পিয়নশ্বিপ, চাউথ এছিয়ান গেমছৰ উপৰি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ স্বৰ্ণ।

বুডাপেষ্টত শেহতীয়াকৈ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ জয়েৰে নীৰজ এক ঐতিহাসিক কৃতিত্বৰ গৰাকী হয়। এই প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ ৰূপে পৰিগণিত হয় তাৰকাগৰাকী। ইয়াৰ পিছতে সমগ্ৰ বিশ্বৰে ক্ৰীড়া অনুৰাগী নীৰজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

পিছে কেৱল প্ৰদৰ্শনৰ বাবেই নহয়, নীৰজ চোপ্ৰা এতিয়া তেওঁৰ ক্ৰীড়াসুলভ মানসিকতাৰ বাবেও সৰ্বত্ৰ প্ৰশংসিত হৈছে। স্বৰ্ণ জয় নিশ্চিত হোৱাৰ পিছতে নীৰজে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী পাকিস্তানৰ তাৰকা আৰ্ছাদ নদীমক কাষলৈ মাতি আনি কান্ধত ধৰি বিজয় উদযাপন কৰা দৃশ্যই যিকোনো লোককে সন্তুষ্ট কৰিব।

তদুপৰি নীৰজৰ সৈতে প্ৰতিদ্বন্দিতাক ভাৰত বনাম পাকিস্তান ৰূপ দি দেশ দুখনৰ মাজৰ ৰাজনৈতিক শত্ৰুতাক ক্ৰীড়াৰ মাজলৈ অনাৰ বাবেও ক্ষুণ্ণ নীৰজে দুখ প্ৰকাশ কৰিছিল। এইবাৰ নীৰজৰ আন এক মন্তব্য তথা ছবিয়ে চৰ্চা লাভ কৰিছে।

বুডাপেষ্টত বিশ্ব জয়ৰ পিছতে নীৰজৰ পৰা স্বাক্ষৰ লাভৰ আশাত তেওঁৰ এগৰাকী হাংগেৰীয়ান অনুৰাগীয়ে ভাৰতীয় পতাকাত খেলুৱৈগৰাকীক স্বাক্ষৰ কৰিবলৈ আগবঢ়াই দিয়ে যদিও অনুৰাগীৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰি নীৰজে আন এক নিদৰ্শন দাঙি ধৰে।

হাংগেৰীয়ান অনুৰাগীগৰাকীৰ প্ৰস্তাৱ নাকচ কৰি চোপ্ৰাই কয়, “ইয়াত চহী কৰিব নোৱাৰি।” মূলত: ভাৰতীয় পতাকাখনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই তাৰকা খেলুৱৈগৰাকীয়ে এনে কৰে। অৱশ্যে পতাকাখনত স্বাক্ষৰ নকৰিলেও অনুৰাগী গৰাকীক নিৰাশ নকৰে চোপ্ৰাই।

যুৱতীগৰাকীয়ে পৰিধান কৰি থকা টি-চাৰ্টৰ হাতৰ অংশত স্বাক্ষৰ কৰি নীৰজে তেওঁক উৎফুল্লিত কৰি তোলে। নীৰজ চোপ্ৰাৰ এই ব্যক্তিত্বৰ প্ৰতি আকৃষ্ট হৈ পৰিছে সকলো। সামাজিক মাধ্যমত নেটিজেনে প্ৰশংসাৰে উপচাই পেলাইছে তাৰকাগৰাকীক।