NORTHEAST NOW (Assamese)
দেশ

সমগ্ৰ লাডাখে স্বীকাৰ কৰা সত্যত মিছা মাতিছে মোদীয়ে! অভিযোগ ৰাহুল গান্ধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 30, 2023 12:40 pm
Rahul Gandhi China's new map

চীনা আগ্ৰাসনৰ বিষয়ত শাসকীয় বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। সমগ্ৰ লাডাখে স্বীকাৰ কৰা সত্যত প্ৰধানমন্ত্ৰী মোদীয়ে মিছা মাতিছে বুলি অভিযোগ কৰিছে গান্ধীয়ে।

চীনে শেহতীয়াকৈ আকচাই চীন আৰু অৰুণাচল প্ৰদেশৰ ভূখণ্ড অন্তৰ্ভুক্তিৰে পুনৰ এখন মানচিত্ৰ প্ৰকাশ কৰাৰ পিছতে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা এই সন্দৰ্ভত বক্তব্যৰ দাবী জনাইছে।

সোমবাৰে চীনে এক নতুন মানক মানচিত্ৰ প্ৰকাশ কৰিছিল। এই মানচিত্ৰত ১৯৬২ চনৰ যুদ্ধত দখল কৰা আকচাই চীন আৰু দক্ষিণ তিব্বত বুলি দাবী কৰা অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ডৰ অংশ হিচাপে দেখুওৱা হৈছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীক জবাবদিহি কৰিছে। ভাৰতৰ ভূমিত আগ্ৰাসনেৰে চীনে প্ৰকাশ কৰা মানচিত্ৰৰ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি দোহাৰে গান্ধীয়ে।

তেওঁ কয়, “মই বছৰ বছৰ ধৰি কৈ আহিছো যে লাডাখত এক ইঞ্চি মাটিও হেৰুওৱা নাই বুলি প্ৰধানমন্ত্ৰীয়ে যি মন্তব্য কৰিছিল, সেয়া মিছা। সমগ্ৰ লাডাখে জানে যে চীনে সীমা উলংঘা কৰিছে। এই মানচিত্ৰৰ বিষয়টো অতি গুৰুতৰ। তেওঁলোকে মাটি কাঢ়ি লৈ গৈছে।”

লক্ষণীয়ভাৱে, চীনৰ এই মানচিত্ৰ প্ৰকাশৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এক সাক্ষাৎকাৰত চীনৰ এই মানচিত্ৰৰ কোনো অৰ্থ নাই আৰু চীনৰ এনে মানচিত্ৰ মুকলি কৰাৰ অভ্যাস আছে বুলি বিষয়টোক প্ৰায় গুৰুত্বহীন কৰি দিছিল।