NORTHEAST NOW (Assamese)
অসম

এক দেশ, এক নিৰ্বাচন দেশৰ যুক্তৰাষ্টীয় ব্যৱস্থাৰ পৰিপন্থী: ৰাইজৰ দল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 6, 2023 5:49 pm
One Nation One Election special Parliament session

এক দেশ, এক নিৰ্বাচনৰ বাবে প্ৰায় সাজু হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ। আগন্তুক বিশেষ অধিৱেশনতে কেন্দ্ৰই এই সিদ্ধান্ত ফলৱৰ্তী কৰিব বুলি জল্পনা-কল্পনা চলিছে। কেন্দ্ৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে।

কেন্দ্ৰৰ প্ৰস্তাৱিত এই এক দেশ, এক নিৰ্বাচন সন্দৰ্ভত আজি এক বৈঠকত মিলিত হয় ৰাইজৰ দল। দলটোৰ আজিৰ কৰ্ণধাৰ সভাই কেন্দ্ৰৰ এই সিদ্ধান্তৰ জৰিয়তে আগন্তক কালত হ’ব পৰা সুদুৰপ্ৰসাৰী নেতিবাচক প্রভাৱ সন্দৰ্ভত সভাত উপস্থিত সদস্যসকলৰ মতামত গ্ৰহণ কৰে।

এই সভাতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ সৰ্ব-সন্মত সিদ্ধান্ত গ্ৰহণ কৰে আৰু এক দেশ, এক নিৰ্বাচনৰ সিদ্ধান্ত ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত থকা যুক্তৰাষ্টীয় ব্যৱস্থাৰ পৰিপন্থী বুলি অভিহিত কৰে।

সভাই মত পোষণ কৰে যে এই ব্যবস্থা প্ৰৱৰ্তন হ’লে ৰাজ্যসমুহে আঞ্চলিক সমস্যাসমূহ চিনাক্ত কৰি সেইবোৰ ৰাজ্য চৰকাৰ সমূহৰ জৰিয়তে সমাধান কৰাৰ ব্যৱস্থাৰ পৰা বঞ্চিত হ’ব।

লগতে ৰাষ্ট্ৰীয়ভাৱে যি সমূহ সমস্যাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে নিৰ্ণয় কৰিব সেইবোৰহে সদায় অগ্ৰাধিকাৰ ভিত্তিত সমাধানৰ বাট থাকিব বুলিও আশংকা প্ৰকাশ কৰে ৰাইজৰ দলৰ কৰ্ণধাৰ সভাই।

ইয়াৰোপৰি এই ব্যৱস্থাই ৰাজ্যসমূহৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আদি সকলো পৰিচয়েৰে যে বিলুপ্তি ঘটাব সেই বিষয়ে সভাই গভীৰ উৎকণ্ঠা প্ৰকাশ কৰে।

সভাই দেশত প্ৰচলিত বহুদলীয় ব্যৱস্থাৰ অৱসান ঘটাব বুলি মত প্রকাশ কৰে। এই সিদ্ধান্তই দেশখনক এক অতিকেন্দ্ৰিক একনায়কত্ববাদী ব্যৱস্থালৈ পৰ্যবসিত কৰিব বুলিও আশংকা ব্যক্ত কৰে।

লগতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই সংবিধানে প্রদান কৰা প্ৰকৃত জনপ্ৰতিনিধিমূলক ব্যৱস্থাক ক্ষতিগ্ৰস্ত কৰিব বুলিও ৰাইজৰ দলৰ এই কৰ্ণধাৰ সভাই উদ্বেগ প্ৰকাশ কৰে।